নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাইৰেল অডিঅ’ ক্লিপে নলবাৰীত লগাইছে খলকনি

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ বহুচর্চিত ৰাজ্য জোকাৰি নিয়া অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তিৰ প্রশ্ণকাকত ফাদিল কেলেংকাৰিৰ অভিকেন্দ্র নলবাৰী জিলাত শেহতীয়াকৈ জিলা উপায়ুক্ত কার্যালয়ত সংঘটিত ভয়াৱহ নিযুক্তি কেলেংকাৰিক কেন্দ্র কৰি সমগ্র জিলাখনকেই জোকাৰি নিয়ে৷ এনে নিযুক্তি কেলেংকাৰিত ৰাজনৈতিকভাৱে মদতপুষ্ট এটা প্রভাৱশালী চক্র জডিত থকাৰ অভিযোগ পোহৰলৈ আহে৷ এনে নিযুক্তিক লৈ বিভিন্ন দল–সংগঠনে কৰা প্রতিবাদত সেও মানি অৱশেষত উপায়ুক্ত পূৰৱী কোঁৱৰে জিণ্টু দাস বৈশ্য নামৰ মহিলাগৰাকীৰ নিযুক্তি বাতিল কৰিবলৈ বাধ্য হৈ পৰে৷

উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে সংবাদ মেলযোগে যোৱা ৩ জানুৱাৰীত কেলংকাৰিৰ সমস্ত অভিযোগ উত্থাপন কৰিছিল৷ নিযুক্তি কেলেংকাৰিৰ ভয়াৱহ ছবিখন যুৱ–ছাত্র পৰিষদে পোহৰলৈ অনাৰ পাছতেই জিলাখনৰ ছাত্র সন্থা, ৰাইজৰ দলকে ধৰি বিভিন্ন দল–সংগঠন জাঙুৰ খাই উঠে আৰু ইয়াৰ ন্যায়িক তদন্ত বিচাৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷ এই গুৰুতৰ অভিযোগ খণ্ডন কৰাৰ বাবে জিলা উপায়ুক্ত পূৰৱী কোঁৱৰে ৪ জানুৱাৰীৰ দিনা সংবাদ মেল আহ্বান কৰি সাংবাদিকৰ প্রশ্ণৰ উত্তৰ দিবলৈ গৈ বিব্রত হৈ পৰে৷ এনে পৰিস্থিতিৰ মাজতেই শেহতীয়াকৈ উপায়ুক্ত পূৰৱী কোঁৱৰৰ লগতে নাম সাঙোৰ খাই পৰিছে বিধায়ক অশোক শর্মাৰ৷ শেহতীয়াকৈ ভাইৰেল হোৱা এটা অডি’ ক্লিপে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰীত৷ নিযুক্তিৰ ছেটিং মাষ্টাৰ হৈ পৰিছে বিধায়ক অশোক শর্মা৷ এটি ভাইৰেল হোৱা অ’ডি ক্লিপে এতিয়া নলবাৰীত সৃষ্টি কৰিছে খলকনি৷ বিজেপি কর্মকর্তাৰ পৰিয়ালৰ অঙহী–বঙহী জিণ্টু দাস বৈশ্য নামৰ এই মহিলাগৰাকীক নিযুক্তি দিয়াৰ সমস্ত প্রক্রিয়াত নাম সাঙোৰ খাইছে নলবাৰীৰ বিধায়ক অশোক শর্মাৰ৷ জিণ্টু দাস বৈশ্যৰ নিযুক্তিৰ ছেটিং কৰিছিল অশোক শর্মাই৷ বক্র পথেৰে অফিচ পিয়নৰ চাকৰি লোৱা জিণ্টু দাস বৈশ্যক এতিয়া লাগে অ’বিচিৰ প্রমাণ–পত্র৷ পিছে সাংবাদিকৰ প্রশ্ণৰ পাছতে জিণ্টু দাস বৈশ্য (ৰোল নং ৮৩৫৩)ৰ নিযুক্তি বাতিল কৰিবলৈ বাধ্য হ’ল উপায়ুক্ত পূৰৱী কোঁৱৰে৷

উল্লেখ্য যে যোৱা ২৭ ডিচেম্বৰত নলবাৰীৰ উপায়ুক্ত কার্যালয়ত জাৰিকাৰক, পিয়ন আৰু কনিষ্ঠ সহায়ক পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এক জানুৱাৰীৰ দিনা ফলাফল ঘোষণা কৰিছিল৷ ১৮টা কনিষ্ঠ সহায়ক পদৰ লগতে জাৰিকাৰক আৰু অফিচ পিয়নৰ পদৰ হৈছিল নিযুক্তি৷ লক্ষণীয়ভাৱে জিণ্টু বৈশ্য দাস নামৰ চাকৰিৰ বাবে বাছনিভুক্ত হোৱা প্রার্থীগৰাকী পুৰুষ নে মহিলা সেই তথ্যও নাই জিলা উপায়ুক্ত কার্যালয়ত৷ উল্লেখ্য যে এইগৰাকী প্রার্থী প্রকৃততে মহিলা যদিও বাছনি তালিকাত পুৰুষ বুলি উল্লেখ আছিল৷

অভিযোগ অনুসৰি, ৰাজনৈতিক মদতপুষ্ট এটা চক্রই সাধাৰণ শ্রেণীৰ প্রার্থীক সম্পূর্ণ অনিয়মেৰে সংৰক্ষিত পদত নিযুক্তি দিছিল৷ ইপিনে, যুৱ–ছাত্র পৰিষদে সংবাদ মেল সম্বোধন কৰিও সংগঠনটোৰ জিলা সভাপতি পার্থপ্রতিম শর্মা আৰু সাধাৰণ সম্পাদক কৌশিক বর্মনে এনে নিযুক্তি কেলেংকাৰি এগৰাকী শীর্ষ ৰাজনৈতিক নেতাৰ ছত্রছায়াত তথা বিজেপিৰ নেতা–পালিনেতাৰ জ্ঞাতসাৰে সংঘটিত হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷

You might also like