নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণত ৰাইজৰ দলৰ অভিৱর্তনৰ পৰামর্শ গ্রহণ সভাত শিল্পী–বুদ্ধিজীৱীৰ অংশগ্রহণ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ ‘বর্তমান অসমৰ পৰিৱেশ–পৰিস্থিতিত সাধাৰণ ৰাইজে কথা ক’ব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে৷ আপুনি প্রশ্ণ কৰিব নোৱাৰে, আপুনি চিন্তা কৰিব নোৱাৰে৷ ৰজাই যি ক’ব সেয়াই হ’ব৷ সর্বসাধাৰণ মানুহৰ চিন্তা–চেতনা, অগ্রগতিক ৰুদ্ধ কৰি দিব বিচাৰিছে চৰকাৰে৷’ –এই মন্তব্য কটন মহাবিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক ড০ সীতানাথ লহকৰৰ৷ মৰাণৰ মহাবীৰ লাচিত বৰফুকন ক্ষেত্রত অনুষ্ঠিত হৈ থকা ৰাইজৰ দলৰ প্রথমখন ৰাজ্যিক অভিৱর্তনৰ আজি দ্বিতীয় দিনা অনুষ্ঠিত অসমৰ সাম্প্রতিক জাতীয় প্রেক্ষাপট আৰু ‘ৰাইজৰ দল’ৰ ভৱিষ্যৎ কর্মপন্থাৰ ওপৰত পৰামর্শ গ্রহণ সভাত অংশগ্রহণ কৰি বিশিষ্ট বুদ্ধিজীৱী ড০ সীতানাথ লহকৰে কেন্দ্র আৰু ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ তেওঁ লগতে কয় যে ধর্মৰ নামত, সম্প্রদায়ৰ নামত নিকৃষ্ট ৰাজনীতি কৰা হৈছে৷ বর্তমানৰ শিক্ষাব্যৱস্থা জহি–খহি গৈছে, চৰকাৰী বিদ্যালয়সমূহ সম্পূর্ণৰূপে ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে৷ অখিল গগৈ সম্পর্কত ড০ লহকৰে কয়– ‘অখিলক লৈ অধিক ভীতিগ্রস্ত চৰকাৰ৷ সেয়ে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখা হৈছে৷ এইখন নির্বাচন নহয়, এইখন যুদ্ধ৷ আপোনালোক একো একোজন সেনানী৷ যুদ্ধৰ প্রধান সেনাপতি কাৰাৰুদ্ধ৷ আপোনালোকে যুঁজিব লাগিব, জিকিব লাগিব৷ ২০২১ৰ নির্বাচনত জয়ী হ’বলৈ হ’লে ৰাইজৰ দলে আগ্রাসী মনোভাবেৰে আগবাঢ়িব লাগিব বুলি উল্লেখ কৰি বক্তাজনে শক্তিশালী শ্লোগান, ষ্টাৰ কেম্পেইনাৰ, সাংস্কৃতিক কর্মী, গীত–মাতেৰে ৰাইজৰ মাজলৈ যাব লাগিব বুলি পৰামর্শ আগবঢ়ায়৷ ৰাইজৰ দলৰ অন্যতম আহ্বায়ক কমল কুমাৰ মেধি, জিতুল ডেকা আৰু লোহিত গগৈয়ে আঁত ধৰা সভাত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ড০ ঘনশ্যাম নাথ, কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা, সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ, বীৰ লাচিত সেনাৰ শৃংখল চলিহা, ডিব্রুগড বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্রী জ্ঞানশ্রী বৰা, জনপ্রিয় শিল্পী মহেন্দ্র হাজৰিকা, মানস ৰবীন, ৰাইজৰ দলৰ অন্যতম উপদেষ্টা সুমিত্রা হাজৰিকা আদিয়ে বক্তব্য ৰাখে৷ অনুষ্ঠানত অংশ লৈ শিল্পী মহেন্দ্র হাজৰিকা, মানস ৰবীনেও ৰাইজৰ দলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷ আজিৰ সভাত ৰাইজৰ দলক উদ্দেশ্যি বাণীবদ্ধ কৰা এটি গীত আৰু ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক নীলাম্বৰ গগৈ ৰচিত এখন গ্রন্থ উন্মোচন কৰে ড০ সীতানাথ লহকৰে৷ সভাত গডগাঁও কলেজৰ অৱসৰপ্রাপ্ত অধ্যক্ষ দিলীপ বুঢ়াগোহঁাই, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদয়ন কুমাৰ গগৈ, কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক মুকুট ডেকা, চাহ শ্রমিক মুক্তি সংগ্রাম সমিতিৰ মুৰুলী তাঁতী, নাৰী মুক্তি সংগ্রাম সমিতিৰ বিমলা ডেকাকে ধৰি বিভিন্ন দল–সংগঠনৰ অর্ধশতাধিক নেতৃবৃন্দই অংশগ্রহণ কৰি পৰামর্শ আগবঢ়ায়৷ এই সভাতে সদৌ অসম কলিতা ছাত্র সন্থাৰ সদ্যপ্রাক্তন সাধাৰণ সম্পাদক দীপাংকৰ কলিতা, অনুসূচিত জাতি ছাত্র সন্থাৰ উপদেষ্টা নগেন দাস, ডিব্রুগড বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্রী জ্ঞানশ্রী বৰাই আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে৷

You might also like