নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭টা টেষ্ট শতকেৰে কোহলিক স্পর্শ স্মিথৰ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ ২৭টা টেষ্ট শতকেৰে টীম ইণ্ডিয়াৰ তাৰকা বিৰাট কোহলিক স্পর্শ কৰিছে অষ্ট্রেলিয়াৰ অভিজ্ঞ বেটছমেন ষ্টিভেন স্মিথে৷ ভাৰতৰ বিৰুদ্ধে ছিডনীত চলি থকা তৃতীয় টেষ্টৰ আজি দ্বিতীয় দিনৰ খেলত তাৰকাগৰাকীয়ে ১৩১ ৰানৰ দর্শনীয় ইনিংছ খেলি কোহলিক স্পর্শ কৰিবলৈ সক্ষম হয়৷ ইফালে, ২৭টা টেষ্ট শতক অর্জন কৰা বিশ্বৰ দ্বিতীয় দ্রুততম বেটছমেন হিচাপেও অভিলেখ গঢ়ে ষ্টিভেন স্মিথে৷ তেওঁ ৬৭খন টেষ্টৰ ১৩৬টা ইনিংছত এই মাইলষ্ট’নত উপনীত হয়৷ একেদৰে কোহলিয়ে ৮৭খন টেষ্টৰ ১৪৭টা ইনিংছত ২৭টা শতক সম্পূর্ণ কৰিবলৈ সক্ষম হৈছিল৷ এই অভিলেখৰ শীর্ষত আছে অষ্ট্রেলিয়াৰ কিংবদন্তি ডন ব্রেডমেন৷ তেওঁ মাত্র ৭০টা ইনিংছতে ২৭টা টেষ্ট শতক অর্জন কৰিছিল৷ আনহাতে স্মিথে আজি কোহলিৰ মুঠ টেষ্ট ৰান ৭,৩১৮ অতিক্রম কৰি আন এক অভিলেখৰ অধিকাৰী হয়৷

You might also like