নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানঃ পুনৰ বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ, বহিঃৰাজ্যৰ দুই যুৱক ধৃত

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ আজি পুৱা প্ৰায় ৯-৩০ বজাত ভৱানীপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক গোপন সূত্ৰৰ পম খেদি বজালী আৰক্ষীয়ে চলোৱা এক অভিযানত ডি এন-০৯-ইউ-৯০৪৮ নম্বৰৰ এখন কণ্টেইনাৰ ট্ৰাকৰ‌ পৰা বৃহৎ পৰিমাণৰ গাণ্জা উদ্ধাৰ কৰাৰ লগতে গাড়ীখনৰ চালকদ্বয় চামিম আনছাৰী(৩৬) আৰু প্ৰমোদ কুমাৰ যাদব(৩০)ক আটক কৰিবলৈ সক্ষম হোৱাৰ কথা জানিব পৰা গৈছে।ধৃত দুয়োগৰাকী যুৱকৰ চামিম আনছাৰী উত্তৰ প্ৰদেশৰ গাজিয়াপুৰ জিলাৰ অন্তৰ্গত খানপুৰ আৰক্ষী থানাৰ ৰামপুৰ ঘোঘাৱান গাঁওৰ বাসিন্দা হোৱাৰ লগতে প্ৰমোদ কুমাৰ যাদব উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ চান্দৱাক কেৰাকাট গাঁওৰ বাসিন্দা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে,যোৱা ৩১ মাৰ্চৰ নিশা ভৱানীপুৰ আৰক্ষীয়ে চলোৱা আন এক অভিযানত ভৱানীপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ গাণ্জা উদ্ধাৰ কৰাৰ লগতে দুগৰাকী লোকক আটক কৰা হৈছিল।আনহাতে আৰক্ষীৰ জেৰাত আজি জব্দ কৰা গাণ্জাখিনি চুবুৰীয়া মেঘালয় ৰাজ্যৰ বৰাপানী নামে ঠাইৰ পৰা অনাৰ কথা যুৱক দুগৰাকীয়ে‌ স্বীকাৰ কৰিছে।গাণ্জাখিনি ট্ৰাকখনৰ কেবিনৰ ওপৰৰ সুৰক্ষিত গোপন স্থানত কৌশলেৰে লুকুৱাই আনিছিল বুলিও জানিব পৰা গৈছে।আনহাতে ট্ৰাকখনৰ‌ পাচফাল সম্পূৰ্ণৰূপে খালী আছিল বুলিও জানিব পৰা গৈছে।আৰক্ষীৰ চকুত ধূলি দিবলৈকে যুৱকদ্বয়ে ‌এই কৌশল অবলম্বন কৰিছিল বুলি অনুমান কৰা হৈছে।আনহাতে জব্দ কৰা গাণ্জাখিনি বিহাৰৰ বিভিন্ন ঠাইত অধিক দামত বিক্ৰী কৰা গ’লহেতেন বুলিও জানিবলৈ দিছে ধৃত দুয়োগৰাকী যুৱকে। আনহাতে দিন দুপৰতে গাণ্জা সৰবৰাহকাৰীৰ এই দৌৰাত্ম্যই ৰাজ্যখনত অবৈধ গাণ্জা ব্যৱসায়ৰ সৈতে জড়িত এটা যে অধিক সক্ৰিয় হৈ আছে,সেই কথাৰেই ইঙ্গিত বহন কৰাৰো অনুমান কৰা গৈছে।

প্ৰেৰকঃ ভূষণ তালুকদাৰ

You might also like