মেৰাপানীত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস, কাঢ়ি লৈছে অসমীয়াৰ কৃষিভূমি
নিয়মীয়া বাৰ্তা ২১ ফেব্ৰুৱাৰীঃ অসম-নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীত পুনৰ আৰম্ভ হৈছে নগা দুৰ্বৃত্তৰ সন্ত্ৰাস । এইবাৰ দুৰ্বৃত্তৰূপী নগাই ভাবুকি প্ৰদানেৰে হস্তগত কৰিব বিছাৰিছে অসমীয়া কৃষকৰ কৃষিভূমি । কেৱল ভাবুকি প্ৰদানতে ক্ষান্ত নাথাকি নগাই কাটি তহিলং কৰিছে অসমীয়াৰ বাৰিৰ গছ-গছনিও ।
বৃহস্পতিবাৰে পুৱাই সীমান্তৰ গড়বস্তি এলেকাৰ নোদোক চুতীয়া নামৰ অসমীয়া কৃষকজনৰ ক্ষুদ্ৰ চাহ বাগিচাত এটা বন্দুকসহ উপস্থিত হয়হি ৩ টা নগা দুৰ্বৃত্ত । পাছত দুৰ্বৃত্ত কেইটাই চাহ বাগিচাখনত ৰখিয়া হিচাপে থকা পৰিয়ালটোৰ ঘৰত প্ৰবেশ কৰি অনতিপলমে পৰিয়ালটোক সেই ঠাই এৰি যাবলৈ ভাবুকি প্ৰদান কৰে । অন্যথা নিশা পৰিয়ালটোক অপহৰণ কৰি নিয়াৰ ভাবুকিও দিয়ে নগা দুৰ্বৃত্তকেইটাই ।
চাহ বাগিচাখনৰ ৰখীয়া শুনো গড়ে এই ভাবুকিৰ প্ৰতিবাদ কৰাত নগা দুৰ্বৃত্তকেইটাই উক্ত ভূমিখণ্ড প্ৰকৃততে নগালোকৰহে বুলি মন্তব্য কৰি বাগিচাৰ সমীপৰ নোদোক চুতীয়াৰ বাৰিৰ কেইজোপামান গছ কাটি পাহাৰৰ দিশে আতৰি যায় ।
এই ঘটনাক কেন্দ্ৰ কৰি কৃষক নোদোক চুতীয়াৰ লগতে সম্প্ৰতি চৰম নিৰাপত্তাহীনতাত ভুগিছে শ্ৰমিক শুনো গড়ৰ পৰিয়ালটো । ইতিমধ্যে নোদোক চুতীয়াই ঘটনা সন্দৰ্ভত অৱগত কৰিছে অঞ্চলটোত চিআৰপিএফ বাহিনীক ।
উল্লেখ্য যে, সীমান্ত অঞ্চলটোত দশক দশক ধৰি নগাই ভয় ভাবুকিৰে অসমীয়া লোকক খেদি কৌশলেৰে অসম ভূমিত আগ্ৰাসন অৱ্যাহত ৰাখিছে ।