নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত খেলুৱৈৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: মৰিয়নিক প্ৰতিনিধিত্ব কৰি অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানত হেণ্ডবল আৰু থ্ৰ’ বল প্ৰতিযোগিতাত অংশলৈ গৌৰৱ কঢ়িয়াই অনা মৰিয়নিৰ প্ৰায় অৰ্দ্ধ শতাধিক খেলুৱৈক তেওঁলোকৰ খেলৰ প্ৰমাণপত্ৰ সমূহ আজি বিতৰণ কৰে । এই উপলক্ষ্যে মৰিয়নি নগৰৰ তিনি নম্বৰ ৱাৰ্ডত মৰিয়নি হেণ্ডবল সন্থাৰ সভাপতি দ্বীপেন দাসৰ সভাপতিত্বত এক চমু সভা অনুষ্ঠিত হয় । সম্পাদক তথা আন্তঃৰাষ্ট্ৰীয় থ্ৰ’বল খেলুৱৈ দ্বীপ দত্তই আঁ‌ত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অংশগ্ৰহণ কৰি মৰিয়নিৰ বিশিষ্ট সমাজকৰ্মী- শিক্ষাবিদ ৰঞ্জিত গোহাঁইবৰুৱা, ক্ৰীড়া সংগঠক বিপুল শইকীয়া, অসম অলিম্পিক সন্থাৰ সদস্য পিকলু ৰয়, সমাজকৰ্মী – শিক্ষাবিদ নেকিবুৰ ইছ্লাম, শিক্ষক চহন কানু, ক্ষুদ্ৰ চাহ খেতিয়ক কৃষ্ণ শৰ্মা, যুৱ সমাজকৰ্মী ধৰ্মেন্দ্ৰ চেতিয়া, দীপক দত্ত ( জোন ), ব্যৱসায়ী মানৱ দাস আদিয়ে বক্তব্য প্ৰদান কৰি খেলুৱৈসকলক উৎসাহিত কৰে ।

সভাখনত কাটনি জিলা পৰিষদৰ সদস্য প্ৰদীপ দত্ত, প্ৰাক্তন ছাত্ৰ নেতা দিলীপ চাহু, ছাত্ৰ নেতা অনন্ত বৰঠাকুৰ, মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিবেক সাহা, বৰ্নালী দাস, চেমিম ৰহমান, আছিফ জামাল আহমেদ, নিহাৰীকা বৰুৱা, স্মৃতিৰেখা গোস্বামী, আদি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত মৰিয়নিৰ অৰ্দ্ধ শতাধিক হেণ্ডবল আৰু থ্ৰ’বল খেলুৱৈয়ে লাভ কৰা প্ৰমাণ পত্ৰ সমূহ বিতৰণ কৰা হয় ।

You might also like