লখিমপুৰ জিলা পৰিবহন বিভাগৰ পথ সুৰক্ষা আৰু সজাগতা শিবিৰ সম্পন্ন
নিয়ৰ্মীয়া বাৰ্তা, ২২অক্টোবৰ : লখিমপুৰ জিলা পৰিবহন বিভাগে খেৰাজখাত মহাবিদ্যালয়ত পথ সুৰক্ষা আৰু সজাগতা সভা সম্পন্ন কৰে ৷ এই সভাৰ লগত সংগতি ৰাখি ‘পোহৰ বিচাৰি’ শীৰ্ষক এখন বাটৰ নাট প্ৰদৰ্শন কৰে ৷ লখিমপুৰ জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান খেৰাজখাত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা পৰিবহন কাৰ্য্যালয়ৰ সহযোগত খেৰাজখাত মহাবিদ্যালয়ত পথ সুৰক্ষা সজাগতা উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক সহকাৰী অধ্যাপক ডিম্ব হাজৰিকাৰ তত্বাবধানত অনুষ্ঠিত হোৱা উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লক্ষীমপুৰ জিলা এনফ’ৰচমেন্ট বিষয়া ৰাজীৱ জ্যোতি ভূঞা। মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পূৰ্ণকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মহাবিদ্যালয়ৰ ডিডিও তথা সহকাৰী অধ্যাপক চন্দন কুমাৰ শইকীয়া প্ৰমুক্ষে মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী উপস্থিতি থাকে।
উল্লেখযোগ্য যে উক্ত সজাগতা সভাৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু কৰ্মচাৰীৰ দ্বাৰা ‘পোহৰ বিচাৰি’ শীৰ্ষক এখন বাটৰ নাট মঞ্চস্থ কৰা হয়। নাটখনৰ ৰ বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰা কলা কুশলী সকল হল যথাক্ৰমে ফনিন কুমাৰ শইকীয়া, মিনাৰাম গগৈ, পূৰ্ণকান্ত বৰা, চিন্তামণি ফুকন, দেবজিৎ ফুকন, দীপক বৰুৱা, দেব বাহাদুৰ চেত্ৰী, কুমাৰ কিশোৰ বৰা, দুলুমনি শইকীয়া, কৃষ্ণা ৰাজখোৱা, যোগমায়া কোৱৰ আৰু কবিতা বৰা। সাম্প্ৰতিক সময়ত সঘনাই হৈ থকা পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে অধ্যাপক কুমাৰ কিশোৰ বৰাৰ পৰিচালনাত প্ৰদৰ্শিত নাটকখনে সমাবেত দৰ্শকৰ পৰা বিপুল সহাৰি লাভ কৰে।উৎকৃষ্ট নাট্য শৈলী আৰু সুন্দৰ উপস্থাপনৰে সকলো নাট্য শিল্পীৰ নিৰলস প্ৰচেষ্টাত নাটকখনে এক নতুন মাত্ৰা লাভ কৰিলে বুলি এতিয়া নাট্যপ্ৰেমী ৰাইজৰ মুখে মুখে চৰ্চা চলিছে। সজাগতা আৰু সচেতনতা মুলক শিক্ষক শিক্ষয়িত্ৰী সকলৰ এই সামূহিক প্ৰচেষ্টাক ৰাইজে একেমুখে শলাগ লৈছে।