নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাংকাছি আৰক্ষীৰ বৃহৎ সাফল্য; মাকুম ৰবৰবাৰীত পুনৰ চোৰাং খাৰুৱা তেল ভৰ্ত্তি টেংকাৰ জব্দ

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ তিনিচুকীয়া জিলাখনত ইখনৰ পাছত সিখন তেল চুৰি কায্যত ব্যৱহিত টেংকাৰ জব্দ কৰাৰ পাছটো অব্যাহত আছে তেল চুৰি চক্ৰ ৷  আজি পুৱতি নিশা পুনৰ তিনিচুকীয়া জিলাৰ মাকুম ৰবৰবাৰীত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা সংযোগকৰি চুৰি কাৰ্য চলাই থাকোতে লাংকাছি আৰক্ষী চকীৰ দল উপস্থিত হৈ স্বত্বাধিকাৰী সুমিত কুমাৰ শ্বগানীৰ এ এছ ০১ বি চি ৫৪২৫ নম্বৰৰ টেংকাৰ খন জব্দ কৰিবলৈ সক্ষম হয়। চুৰি কাৰ্য সংঘটিত কৰা কোনো লোকক আটক হোৱা নাই যদিও লাংকাছি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব দিয়ে লাংকাছি আৰক্ষী চকীৰ ভৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কুমাৰ বৰাই ৷
ইফালে, জিলাখনত ইখনৰ পিছত সিখন চোৰাং খাৰুৱা তেল টেংকাৰ জব্দ হোৱাক লৈ বিয়াগোম অইল ইণ্ডিয়াৰ নিৰাপত্তা বাহিনীলৈ বিভিন্ন ধৰণৰ সন্দেহৰ প্ৰশ্ন উত্থাপিত হোৱাৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তা বাহিনীৰ ফুফুলা স্বৰূপৰ উদাহৰণ হৈ পৰিছে, সমান্তৰালভাৱে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এইপয্যন্ত চট’হাপজানৰ তেল চুৰি চক্ৰৰ স’তে জড়িত এজনক আটক কৰাৰ পাছতে এইপয্যন্ত তদন্ত কি পয্যায়ত আছে সন্দেহৰ আৱৰ্ত্তত ৷
প্ৰেৰক:-
বিবেক বড়া
You might also like