নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত চাইবাৰ অপৰাধীৰ ৰূপত মহিলা: বুজন পৰিমাণৰ চীম কাৰ্ডসহ গ্ৰেপ্তাৰ এগৰাকী 

 

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিল : মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলত চাইবাৰ ক্ৰাইমৰ ঘাটিত পৰিণত হৈছে।শেহতীয়াকৈ চাইবাৰ অপৰাধত জড়িত হৈ পৰিছে। যোৱা নিশা লাহৰীঘাটৰ পটুৱাকাটাত এগৰাকী মহিলা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৰছলা আৰক্ষীৰ সহযোগত এগৰাকী মহিলা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত মহিলা চাইবাৰ অপৰাধী টিৰ নাম জুসনাৰা বেগম।পটুৱাকাতাৰ গাঁৱৰ ৯নং ৱাৰ্ডৰ জুসনাৰা বেগমে চিম সমূহ বিক্ৰী বাবে নিয়া সময়ত অভিযানকাৰী দলে ৰজাবৰী গাঁৱৰ ৰাষ্টাত হাতেলোটে গ্ৰেপ্তাৰ কৰে। অপৰাধী গৰাকীৰ পৰা আৰক্ষীয়ে ২৩৫ খন ছিম কাৰ্ড, সহ আপত্তিজনক নথিপত্ৰৰ জব্দ কৰিছে।বৰ্তমান ধৃত চাইবাৰ অপৰাধী জনীক অধিক তথ্যৰ বাবে লাহৰীঘাট আৰক্ষীৰ জিম্মাত সোধপোচ অব্যাহত ৰাখিছে ।

You might also like