লাহৰীজানত আৰক্ষীৰ তালাচী: ১৫০ বটল কফ চিৰাপসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত আজি পুৱা আৰক্ষীয়ে অভিযান চলাই বুজন সংখ্যক কফ চিৰাপৰ বটলসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুটফুৰ ৰহমানৰ নেতৃত্বত তথা লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱ প্ৰতীম কোঁৱৰ আৰু উপ-পৰিদৰ্শক আকাশ গগৈৰ সহযোগিতাত আৰক্ষীৰ এটা দলে অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজান টহলদাৰী চকীৰ সন্মুখত তালাচী অভিযান চলায়।
উক্ত অভিযানৰ সময়তে পুৱা প্ৰায় সাত বজাত এএছ-০১-এনচি-৬০৪৯ নম্বৰৰ টাটা ১৫১২ এলপিটি ট্ৰাকখনত তালাচী চলাই ১৫০ বটল কʼডেইন ফছফেট এণ্ড ত্ৰিপ্ৰালিডাইন এইচ চি এল কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে বৰপেটা কেওঁটপাৰা গাঁৱৰ ৰবিয়াল আলি (৩৩) আৰু চাৰাৰ আলি (২৪) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, জব্দকৃত কফ চিৰাপখিনিৰ বজাৰমূল্য প্ৰায় ৭৫ হাজাৰ টকা বুলি অনুমান কৰা হৈছে।