নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ মেডিকেলত ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু ১, পজিটিভ ২৮৫ গৰাকী

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী : শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ক’ভিড আক্রান্ত এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। মৃত ব্যক্তিজন লুকমান আলী লস্কৰ। তেওঁৰ বয়স ৫৮ বছৰ। তেওঁৰ ঘৰ লক্ষ্মীপুৰ সমষ্টিৰ বন বিষয়া কাৰ্যালয়ৰ কাষতে। দেওবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ উপ-সভাপতি ডাঃ ভাস্কৰ গুপ্তাই এই কথা জনায়। তেওঁ কয় যে, তেওঁক ৮ জানুৱাৰীৰ দুপৰীয়া ১.১৯ বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু ১৬ জানুৱাৰীৰ বেলা ১১ টা ৪৫ মিনিট ‌বজাত তেওঁৰ মৃত্যু হয়। তেওঁ ডায়েবেটিচ, উচ্চ ৰক্তচাপ আৰু বৃক্ক ৰোগত ভুগি আছিল। ডাঃ ভাস্কৰ গুপ্তাই কয় যে, মেডিকেলত ৩২ গৰাকী কোভিড সক্ৰিয়‌ ৰোগী আছে। ভেণ্টিলেটৰত থকা ৰোগীৰ সংখ্যা হৈছে ৩। অক্সিজেন ছাপোৰ্টত ৰোগীৰ সংখ্যা হৈছে ১৩। ইফালে, কাছাৰ জিলা স্বাস্থ্য বিভাগে জনায় যে , আজি ২৮৫ গৰাকী লোক কভিড পজিটিভ হৈছে। ইয়াৰ ভিতৰত ১২৫ টা আৰটিপিচিআৰ পজিটিভ আৰু ১৬৪ টা আৰটিএ পজিটিভ । জিলাখনত ক’ভিড সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যা ১৬২২ গৰাকী।

You might also like