নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটাকলি চাবুকধৰা তিৱা ভাষা আৰু কৃষ্টি চৰ্চা কেন্দ্ৰৰ উদ্যোগত তিৱা পিচু উদযাপন

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ মাঘৰ পচন্দ শীতকো নেওচি আজি দ্বিতীয় মাঘৰ দিনা অৰ্থাৎ মাঘ মাহৰ প্ৰথমটো দেওবাৰে মৰিগাঁও জিলাৰ চাবুকধৰা খেলপথাৰত তিৱা জনগোষ্ঠীৰ পিচু উৎসৱৰ বিভিন্ন তিৱা নৃত্যৰ গীতৰ সমাহাৰে উজ্জ্বলি উঠিল সমগ্ৰ চাবুকধৰা অঞ্চল ৷ ইটাকলি চাবুকধৰা তিৱা ভাষা আৰু কৃষ্টি চৰ্চা কেন্দ্ৰৰ উদ্যোগত দিনজোৰা এক বৰ্ণাধ্য কাৰ্য্যসূচীৰে তিৱা পিচু উৎসৱটি উলহমালহেৰে উদযাপন কৰা হয় ৷ পুৱা দহ বজাত তিৱা ভাষা চৰ্চা আৰু কৃষ্টি সমিতিৰ পতাকা উত্তোলন কৰে চাবুকধৰা তিৱা ভাষা চৰ্চা আৰু কৃষ্টি কেন্দ্ৰৰ সভাপতি টিপচিং বৰদলৈয়ে ৷ তাৰ পাছতে তিৱা ভাষাত জাতিয় সংগীত পৰিৱেশন কৰা হয় ৷ পুৱা ১০:৩০ বজাত স্মৃতি তৰ্পন কৰে ইটাকুলি চাবুকধৰা ট্ৰাইবেল সংঘৰ সভাপতি নৰেন গাওঁখোৱাই ৷ ১০:৪৫ বজাত তিৱা পিচুৰ শুভ উদ্বোধন কৰে তিৱা সাহিত্য সভাৰ সভাপতি লালচিং মাদাৰে ৷ ১১:১৫ বজাত আমন্ত্ৰিত শিল্পী আৰু তিৱা কৃষ্টি দলৰ দ্বাৰা বাৰেৰহণীয়া তিৱা লোকনৃত্য আৰু তিৱা গীত বাদ্যৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷ উল্লেখ্য যে চাবুকধৰা তিৱা কৃষ্টি দলে খৰলা পিচু,বাৰপুজীয়া তিৱা কৃষ্টি দলে খাংচি মিচৱা,তেতেলীৰ কৃষ্টি দলে বৰত উৎসৱৰ নৃত্য,যখিনী নৃত্য,ভালুক নৃত্য,ৰাক্ষসী নৃত্য,বান্দৰ নৃত্য,ভালুক নৃত্য,দৰমাল তিৱা কৃষ্টি দলে মাই থাপলা মিচৱা আৰু বাৰপুজীয়া তিৱা কৃষ্টি দলে লাংখুং মিচৱা,কাহী নৃত্য,জকাই নৃত্যকে ধৰি বিভিন্ন তিৱা নৃত্য প্ৰদৰ্শন কৰে ৷ ইয়াৰ উপৰিও আন্দাৰ মান নিকুবৰ দ্বীপপূঞ্জকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত গীত নৃত্য প্ৰদৰ্শন কৰি অহা তিৱা লোকশিল্পী ধমেন্দ্ৰ পাটৰ,অৰুণ পাটৰ,হেম বৰদলৈ,বুধেশ্বৰ বৰদলৈ আৰু খগেন বৰদলৈয়ে ঢোল তাল পেপা বাদন পৰিবেশন কৰাৰ লগতে ৰাজেন গাওঁখোৱা,লক্ষেশ্বৰ বৰদলৈকে ধৰি বহু কেইজন শিল্পীয়ে গীত পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ৷ অনুষ্ঠানত মুখ্য অতিথি হিছাপে উপস্থিত থাকি মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ভাষণ প্ৰসংগত কয় যে- “যি জাতিৰ কোনো ভাষা- সংস্কৃতি নাথাকে সেই জাতি কেতিয়াও উন্নতি হৱ নোবাৰে বা আগুৱাই যাৱ নোবাৰে” ৷ তেওঁ লগতে তিৱা ৰজা জোঙালবলহুকে ধৰি অন্যান্য তিৱা বীৰ পুৰুষ সকলৰ অসমভুমিলৈ যি মহান অৱদান তাক সোৱঁৰণ কৰাৰ লগতে বৰ অসম গঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ শৌয্য বিৰ্য্যক শ্ৰদ্ধাৰে আলোকপাত কৰে ৷ আহোম সেনপতি লাচিত বৰফুকনে যেতিয়া মোগলৰ বিৰুদ্ধে যুদ্ধত অৱৰ্তীণ হওঁতে প্ৰায় তেৰ হেজাৰৰো অধিক তিৱা সৈনিকে লাচিত বৰফুকনৰ লগত সহায় কৰা অৱদানৰ কথা সোৱঁৰি সেই বীৰযোদ্ধা সকললৈ স্মৰণ জনাই ৷ চাবুকধৰা তিৱা ভাষা চৰ্চা কেন্দ্ৰৰ সাংস্কৃতিক সম্পাদক মৃনাল দেউৰজাই আতঁধৰা অনুষ্ঠানটোত তিৱা সাহিত্য সভাৰ সম্পাদক তথা তিৱা কৃষ্টিৰ গৱেষক ডঃ বিদ্যুত বিকাশ সেনাপতি, যোৰহাট মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ জ্যোতিময় বৰদলৈ,মৰিগাঁও জিলা তিৱা সাহিত্য সভাৰ সভাপতি ৰত্নেশ্বৰ বৰদলৈ,নগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি বিৰেন লালুং,সমাজ সেৱক বাবুল দেউৰী,সাংবাদিক দেৱজিৎ হাজৰিকা,দ্বীপেন শইকীয়াকে ধৰি বৃহত্তৰ চাবুকধৰা অঞ্চলৰ তিৱা জনগোষ্ঠীৰ লোকসকল উপস্থিত থাকে ৷ বিয়লি ৪:৩০ বজাত মেজি প্ৰজ্বালন কৰে বিশিষ্ট তিৱা গৱেষক ডঃ বিদ্যুত বিকাশ সেনাপতিয়ে ৷ সমুহীয়া নৃত্য পৰিবেশৰ পাছত তিৱা পিচু উৎসৱৰ পতাকা অৱনমনৰে তিৱা পিচু উৎসৱৰ সফল সামৰনি পৰে ৷ উল্লেখ্য যে, আজি পুৱাৰে পৰা বিয়লি পৰ্যন্ত তিৱা জনগোষ্ঠীৰ লোক সকলে তিৱা জাতীয় সাজপাৰ পৰিধান কৰি সুশোভিত হৈ সমগ্ৰ অঞ্চলতোতে এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় ৷

প্ৰেৰকঃ মানস নাথ, বাৰপূজীয়া

You might also like