নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমষ্টিৰ পূজা মণ্ডপে মণ্ডপে ৰঙাপৰাৰ বিধায়ক তাঁতী; ল’লে দুৰ্গা মাৰ আৰ্শীবাদ

 

নিয়মীয়া বাৰ্তা : ১৪ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱ উপলক্ষ্যে ভক্তপ্ৰাণ ৰাইজৰ মাজত ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ যুৱ তথা সক্ৰিয় বিধায়ক কৃষ্ণ কমল তাঁতী । বিধায়কগৰাকীয়ে আজি মহানৱমী উপলক্ষ্যে দলীয় কাৰ্যকৰ্তাক লগত লৈয় সমষ্টিটোৰ বালিপৰা, মানশিৰি, ৰঙাজান, খনামুখ, বামগাঁও, দীঘলীগাঁও, আমাৰীবাৰী, ফুলবাৰী, চিলনী, ওঠৰমাইল , ৰঙাপৰা নগৰ ইত্যাদি বিভিন্ন স্থানৰ দুৰ্গা পূজা মণ্ডপত উপস্থিত হৈ পূজা উদযাপন সমিতিৰ বিষয়ববীয়া, ৰাইজক সাক্ষাৎ কৰে ।

একেদৰে বিধায়কগৰাকীয়ে প্ৰতিটো পূজা মণ্ডপত মাৰ দুৰ্গাৰ ওচৰত আঁঠু লৈ সমষ্টিবাসীৰ সকলো জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৰে কুশল-মংগলাৰ্থে আৰ্শীবাদ গ্ৰহণ কৰে । পূজাত সমষ্টিৰ বিধায়কগৰাকীক কাষত পাই ৰাইজ উৎসাহিত হোৱা বুলি জানিব পৰা গৈছে । একেদৰে, বিধায়কগৰাকীক প্ৰতিখন পূজা সমিতিয়ে অসমীয়া গামোছা, ঠায়ে ঠায়ে গোৰ্খা জনগোষ্ঠীয় ঢাকা টুপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

You might also like