সাহায্য টোপোলাত ৰাহুল গান্ধীঃ সাহায্য বিতৰণক লৈ নিকৃষ্ট ৰাজনীতি ৰকিবুল হুছেইনৰ
নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে এতিয়া দেশত লকডাউন চলি আছে । সকলো বন্ধ হৈ পৰাত বহুলোক খাদ্য সংকটত ভুগিছে । পিচে লকডাউনৰ সময়ত আৰ্তজনৰ কাষত থিয় হৈয়ো ৰাজনীতি কৰিবলৈ এৰি নিদিলে এগৰাকী কংগ্ৰছী নেতাই ।
সাহায্য বিতৰণক লৈ নিকৃষ্ট ৰাজনীতি বিধায়ক ৰকিবুল হুছেইনৰ । চামগুৰি সমষ্টিত আৰ্তজনৰ মাজত বিতৰণ কৰা সাহায্য টোপোলাত ৰাহুল গান্ধী আৰু নিজৰ ফটো লগাই সাহায্য পোৱা লোকক ফটোৰ বাবে পজ দিয়ালে বিধায়কজনে ।
ইপিনে সহায়ৰ টোপোলাক কংগ্ৰেছৰ চিহ্ন “সহায়ৰ হাত” বুলি কংগ্ৰেছৰো প্ৰচাৰ চলালে ৰকিবুলে ।কিন্তু লকডাউন তথা সংকটৰ সময়ত বিধায়কজনৰ ৰাজনৈতিক প্ৰচাৰে চকু কপালত তুলিলে সচেতন সমাজৰ ।