সোণাৰিত বনৰীয়া কাঠফুলা ভক্ষণ কৰি পুনৰ ৩ মহিলাৰ মৃত্যু; মৃতকৰ সংখ্যা ৭ লৈ বৃদ্ধি
বহাগ বিহুৰ প্ৰাকক্ষণত সোণাৰিৰ এখন গাঁৱত কান্দোনৰ ৰোল
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ চাহ জনগোষ্ঠীয় একাংশ লোকৰ প্ৰিয় খাদ্য কাঠফুলা । যাক বাগিচা অঞ্চলত “চাটু” নামেৰে পৰিচিত ।যিটো আমাৰ সমাজত কাঠফুলা নামে জনাজাত ।চাহ বাগিচা অঞ্চলত বাৰিষাৰ আগমনৰ লগে লগে সততে পোৱা যায় এই “চাটু” । এই কাঠফুলা (চাটু) বিষাক্ত প্ৰজাতিৰ । এই সন্দৰ্ভত জ্ঞান নথকাৰ ফলত ভুলবশতঃ বিষাক্ত কাঠফুলা ভক্ষণ কৰি বছৰে বছৰে মৃত্যুৰ মুখত পৰে বহুতো । প্ৰতিবছৰে বাগিচা অঞ্চলত এই বিষাক্ত কাঠফুলা ভক্ষণ কৰি বহু লোক অসুস্থ হোৱা লগতে মৃত্যুমুখতো পৰে । তেনে বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ প্ৰাকক্ষণত সোণাৰিৰ এখন গাঁৱত দুই শিশুসহ সাতজন কৈ মৃত্যুৰ মুখত পৰিছে । ফলত গাওঁখনত বৰ্তমান উঠিছে কান্দোনৰ ৰোল৷ চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পাশ্বৱৰ্তী ২নং লালতীপথাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷
ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত কালি মাতৃ-পুত্ৰসহ চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ পাছত পুনৰ আজি গাওঁখনৰ চিকিৎসাধীন হৈ থকা আন ৩ গৰাকী মহিলাৰ মৃত্যু হোৱাত গাওঁখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ বিষাক্ত বনৰীয়া কাঠফুলা ভক্ষণ কৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আজি পুৱা গাওঁখনৰ চম্পা কৰ্মকাৰ(২৪),সৰুমাই কৰ্মকাৰ(১৯)আৰু ৰীতা কেওটৰ(৪০) মৃত্যু হয় ৷
উল্লেখ্য, চৰাইদেউ জিলাৰ সোণাৰিৰ পাশ্বৱৰ্তী ২ নং লালতিপথাৰ গাঁৱত বিগত ৬ এপ্ৰিলত দুটি শিশুসহ ৮ গৰাকী লোকে বিষাক্ত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল৷ জানিব পৰা মতে, টিঙালীবাম চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক ক্ৰমে ৰীমা কৰ্মকাৰ, জোনাকী প্ৰজা, চম্পা কৰ্মকাৰ,সৰুমাই কৰ্মকাৰ, ৰীতা কেওট, জোৎস্না গড়ে চাহ বাগিচাত চাহপাত চিঙি থাকোঁতে বনৰীয়া কাঠফুলা প্ৰত্যক্ষ কৰি চিঙি আনি বাগিচাতেই দুপৰীয়া আহাৰৰ সৈতে আঞ্জা কৰি খোৱাৰ লগে লগে উক্ত দিনাই নিশা সকলো লোক অসুস্থ হৈ পৰে৷ বনৰীয়া কাঠফুলা খাই অসুস্থ হৈ পৰা শিশুসহ ৮ গৰাকী শ্ৰমিকক লগে লগে চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত প্ৰথমে ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত আটাইকে সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল । কিন্তু কালি নিশা চিকিৎসাধীন অৱস্থাতে আক্রান্তসকলৰ মাজৰ ছয়নিকা কৰ্মকাৰ, জোনাকী প্ৰজা, ৰীমা কৰ্মকাৰ আৰু তেওঁৰ পুত্ৰ অজয় কৰ্মকাৰসহ চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ পাছত আজি পুৱা পুনৰ ৩ গৰাকী মহিলাৰ মৃত্যু হয়৷ এই লৈ বনৰীয়া কাঠফুলা ভক্ষণ কৰি চিকিৎসাধীন অৱস্থাত থকা ৮ গৰাকী লোকৰ ৭ গৰাকী লোকৰে মৃত্যু হৈছে৷
ইফালে, আঠজনৰ ভিতৰত একমাত্ৰ জীৱিত অৱস্থাত সম্প্ৰতি চিকিৎসাধীন হৈ থকা জ্যোৎস্না গড়(৩৫) নামৰ মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ একেটা চুবুৰীতে এদিনৰ অগা-পিছাকৈ ৭ জন লোকৰ মৃত্যু হোৱাত গাওঁখনত শোকাকুল পৰিস্থিতিৰ সূচনা হোৱাৰ লগতে এক চেপা উত্তেজনাই বিৰাজ কৰিছে৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ এই যুগতো চাহ শ্ৰমিকসকলৰ মাজত উপযুক্ত শিক্ষা আৰু সজাগতাৰ অভাৱৰ বাবেই এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত সচেতন মহলে দুখঃ প্ৰকাশ কৰিছে৷ আনহাতে, চৰাইদেউ জিলা স্বাস্থ্য বিভাগে অঞ্চলটো পৰ্যবেক্ষণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।
প্ৰেৰকঃ দীপাংকৰ পাল, সোণাৰি