নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাটবিহুৰ বাৰ্ষিক প্ৰকাশ বিহুৱানৰ বাবে লেখা আহ্বান

 নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিল :: বৰ্ণময় অসমীয়া সংস্কৃতিৰ এক চহকী উপাদান ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত ফাটবিহু । ক’ভিড অতিমাৰী সৃষ্ট প্ৰতিকূল বিগত দুটা বৰ্ষত ফাটবিহুৰ উদযাপন বাতিল কৰাৰ পিছত এইবাৰ অহা ১৩,১৪ আৰু ১৫ মে’ত ফাটবিহু উদযাপন কৰাৰ প্ৰস্তুতি অব্যাহত আছে । ফাটবিহু উদযাপনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা বাৰ্ষিক মুখপত্ৰ বিহুৱানৰো প্ৰকাশৰ দিহা কৰা হৈছে । ইয়াৰ বাবে অৱসৰপ্ৰাপ্ত উপাধ‍্যক্ষ পূৰ্ণানন্দ গগৈক উপদেষ্টা আৰু হেমন্ত কুমাৰ বৰুৱাক সম্পাদক হিচাবে লৈ ৭ জনীয়া এখন সম্পাদনা সমিতি গঠন কৰা হৈছে । সম্পাদনা সমিতিয়ে অসমৰ সুহৃদ লেখকৰ পৰা অসমীয়া সংস্কৃতি, বিভিন্ন জাতি -জনগোষ্ঠীৰ বিহু, লোক উৎসৱ ,খাদ‍্যাভাষ ,বিভিন্ন পৰম্পৰা ,লোকাচাৰ আৰু পাহৰণিৰ গৰ্ভত বিলীন হৈ যাব ধৰা বিহুগীত আদিক মূল বিষয় হিচাবে লৈ যুগুত কৰা মৌলিক লেখাৰ আহ্বান জনাইছে । ইচ্ছুক লেখকসকলক তেঁওলোকৰ লেখাসমূহ অহা ৩০ এপ্ৰিলৰ ভিতৰত ৱাটছ আপ নম্বৰ ৮৮১২৮৮৮১৬৬ অথবা ই মেইল যোগে [email protected] আৰু ডাক অথবা কোৰিয়াৰ যোগে সম্পাদক , বিহুৱান সম্পাদনা সমিতি ,মাৰফৎ : গগৈ বাদ্ৰাছ,ঢকুৱাখনা চাৰিআলি ,ডাক- ঢকুৱাখনা ,পিন -৭৮৭০৫৫ ঠিকনাত পঠ বলৈ বিহুৱানৰ সম্পাদক হেমন্ত কুমাৰ বৰুৱাই অনুৰোধ জনাইছে ।।

প্ৰেৰক: পুলকজ্যোতি বৰা

You might also like