নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণোৱাল চৰকাৰৰ কার্যকালত কয়লা ব্যৱসায় সংক্রান্তত ২৮৭টা গোচৰ, ৪৫১জনক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ৩ মার্চঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত কয়লাৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে গ্রহণ কৰা ব্যৱস্থা সন্দর্ভত সোমবাৰে সদনত তথ্য দাঙি ধৰে গৃহ বিভাগৰ হৈ সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্রশ্নৰ উত্তৰত পাটোৱাৰীয়ে কয় যে অসমত কয়লাৰ কোনো ছিণ্ডিকেট নাই৷ কিন্তু কয়লা ক্ষেত্রত চলি থকা অপৰাধজনিত কার্যকলাপ, নিষ্কাশন আৰু পৰিবহণ সম্পর্কে অৱগত৷

২০১৬ চনৰ জানুৱাৰী মাহৰ পৰা ২০২০ চনৰ ২০ ফেব্রুৱাৰীলৈকে অবৈধ কয়লা সৰবৰাহ সংক্রান্তত মুঠ ২৮৭টা গোচৰ ৰুজু হৈছে৷ ৭৪৬খন কয়লাভর্তি ট্রাক জব্দ কৰা হৈছে আৰু ৪৫১জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ইফালে, পৰিবহণ বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, ২০১৬ চনৰ পৰা বর্তমানলৈকে সর্বমুঠ ৪,৯৬২খন অভাৰলোড কয়লা ট্রাক জব্দ কৰা হৈছে৷ একেটা প্রশ্নৰ উত্তৰতে মন্ত্রী পাটোৱাৰীয়ে কয় যে তিনিচুকীয়া জিলাৰ দিহিং পাটকাই পাহাৰত অবৈধ কয়লা খনন কৰাৰ বিষয়ে বিভাগটো অৱগত৷ বন বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, অবৈধ কয়লা যাতে সংগ্রহ কৰিব নোৱাৰে, তাৰ বাবে জিলা প্রশাসনিক বিষয়াই টাস্ক ফ’চ গঠন কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিছে৷ ইয়াৰ বাহিৰে বন বিভাগৰ অধীনত বন সুৰক্ষা বাহিনী আৰু বনৰক্ষীৰ যুটীয়া সহযোগত নিয়মীয়া টহলদাৰী ব্যৱস্থা অব্যাহত ৰখা হৈছে৷ বিভিন্ন থানাত অবৈধ উপায়ে কয়লা খননৰ ঘটনা সংক্রান্তত ২০খনৰো অধিক এজাহাৰ দাখিল কৰা হৈছে৷

You might also like