নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি নির্বাচনঃ বিজেপিৰ সিদ্ধান্তত কোন লাভান্বিত হ’ব?

চল্লিশটা পৰিষদীয় সমষ্টিৰে গঠিত বি টি এ ডিৰ শাসন ক্ষমতা লাভ কৰিবলৈ কোনো এটা ৰাজনৈতিক দল অথবা মিত্রজোঁটক প্রয়োজন ২১খন আসনৰ৷ কিন্তু এতিয়ালৈকে পৰিদৃশ্যমান ৰাজনৈতিক ছবিখনে সেই যাদুকৰী সংখ্যাটো কোনো এটা দল বা মিত্রজোঁটে লাভ কৰিব, তাক নিশ্চিত কৰিব পৰা নাই৷ তাৰে মাজতে ৰাজ্যৰ মূল শাসক দল বিজেপিয়ে কাৰো সৈতে মিত্রতা নকৰাকৈ নির্বাচনটোত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰিলে৷ ইয়ে ৰাজনৈতিক ছবিখন অধিক ধূসৰ আৰু জটিল কৰি তুলিলে৷ অৱশ্যে পৰিষদীয় অঞ্চলটোত বি পি এফ আৰু ইড পি পি এলৰ বাহিৰে আন ৰাজনৈতিক দলৰ সাংগঠনিক শক্তি সিমান সবল নহয়৷ হাগ্রামা মহিলাৰীয়ে প্রথমবাৰ পৰিষদৰ শাসন ক্ষমতা লাভ পাছৰ পৰাই বি টি এ ডি অঞ্চলত আন ৰাজনৈতিক দলৰ শক্তি আৰু সামর্থ্য ক্রমশঃ হ্রাস পাবলৈ ধৰে৷ আনকি, কংগ্রেছৰ সৈতে দিছপুৰত মিত্রজোঁট চৰকাৰৰ অংশীদাৰ হৈ থকা সময়ত বি পি এফৰ বিৰুদ্ধে মিত্রদলটোৰ পৰিষদীয় অঞ্চলৰ নেতৃত্বই মুকলিকৈয়ে হাগ্রামা মহিলাৰীৰ আগ্রাসী ৰাজনীতিৰ প্রতিবাদ কৰিছিল৷ বি পি এফে পৰিষদীয় অঞ্চলত মিত্রদলটোক শক্তিহীন কৰিবলৈ অহৰহ চেষ্টা চলাই থকা বুলি অভিযোগ কৰি একাংশ কংগ্রেছ নেতাই গুৱাহাটীত ৰাজীৱ ভৱনপর্যন্ত ডত্তাল কৰিছিল৷ এইক্ষেত্রত হাগ্রামা মহিলাৰীৰ প্রধান সুবিধাটো আছিল, পৰিষদখনে সাংবিধানিকভাৱে লাভ কৰা ক্ষমতা৷ সেই ক্ষমতাৰ বাবে বি টি এ ডি অঞ্চলৰ জনসাধাৰণৰ দিছপুৰৰ তুলনাত কোকৰাঝাৰৰ ওপৰত নির্ভৰশীলতা বৃদ্ধি পায়৷ ডন্নয়ন তথা আন সা–সুবিধাৰ স্বার্থত কংগ্রেছকে ধৰি আন আন ৰাজনৈতিক দলৰ গৰিষ্ঠসংখ্যক নেতা–কর্মী, সমর্থকে বিটিচিৰ শাসক দলটোৰ কাষ চাপিবলৈ বাধ্য হয়৷ যাৰ বাবে পৰিষদীয় ৰাজনীতিত কংগ্রেছৰ লগতে সর্বাধিক ক্ষতিৰ সন্মুুখীন হৈছিল অগপ নামৰ দলটো৷ বি টি এ ডি গঠনৰ পূর্বে পৰিষদীয় অঞ্চলটোত অগপৰ শক্তিশালী সাংগঠনিক ভেটি আছিল৷ এতিয়া প্রায় অস্তিত্বহীন৷ চল্লিশটা পৰিষদীয় সমষ্টিৰ এটাতো যে দলটোৰ প্রার্থীয়ে জয়লাভ কৰিব পাৰিব, সেইটো আজিৰ তাৰিখত একপ্রকাৰ অসম্ভৱ বুলিয়েই ক’ব পাৰি৷ এই পৰিপ্রেক্ষিতত পৰিষদীয় অঞ্চলত বিজেপিৰ প্রকৃত শক্তি কিমান, সেইটো স্পষ্ট নহয়৷ কিন্তু যোৱা দেওবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত বিজেপিৰ ডচ্চস্তৰীয় প্রতিনিধিৰ বৈঠকত গ্রহণ কৰা সিদ্ধান্তটোৱে আত্মবিশ্বাসৰ নতুন ছবি এখনৰ প্রতিফলন ঘটাবলৈ সক্ষম হৈছে৷ অৱশ্যে সেই আত্মবিশ্বাসে কি ফল দিয়ে, সেয়া ভোটগণনাৰ জৰিয়তে পোহৰলৈ আহিব৷ তথাপি এটা কথা ক’ব পাৰি যে বিজেপিৰ শেহতীয়া সিদ্ধান্তটোৱে পৰিষদীয় ৰাজনীতিত যথেষ্ট প্রভাৱ পেলাব৷ বিশেষকৈ মিত্রদল বি পি এফৰ বাবে কোকৰাঝাৰ দখলৰ পথ কঠিন কৰি তোলাটো নিশ্চিত বুলিয়েই ক’ব পাৰি৷
ভৌগোলিকভাৱে এটা ক্ষুদ্র ভূ–খণ্ড হ’লেও বি টি এ ডিৰ ৰাজনীতি জটিল৷ স্ব–বিৰোধেৰে ভৰা৷ তাত মূল যুঁজখন ক্ষমতাপ্রাপ্তিৰ তাডনা আৰু অধিকাৰ–ক্ষমতা হেৰুওৱাৰ বেদনাকেন্দ্রিক৷ এটা পক্ষই যদি সুকীয়া ৰাজ্য বা অধিক ক্ষমতাপ্রপ্তিৰ জৰিয়তে নির্দিষ্ট জনগোষ্ঠী এটাৰ সংর্বাগীণ ডন্নতি কামনা কৰে, আনটো পক্ষই স্বাধীনতাৰ পিছৰে পৰা সাংবিধানিকভাৱে লাভ কৰি অহা ক্ষমতা আৰু অধিকাৰ হেৰুৱাব নিবিচাৰে৷ সর্বশেষত যুঁজখন আত্মপৰিচয় ৰক্ষাৰ হৈ পৰে৷ অস্তিত্ব ৰক্ষাৰ নির্বাচন হৈ পৰে৷ শেহতীয়াকৈ কোকৰাঝাৰ লোকসভা সমষ্টিত অনুষ্ঠিত দুয়োটা নির্বাচনেই আছিল সেই যুঁজখনৰ ডজ্জ্বল নিদর্শন৷ অৱশ্যে দুয়োটা পক্ষৰ মাজতো আছে জটিল সমীকৰণ৷ তদুপৰি, বি টি এ ডি অঞ্চলত সুদীর্ঘ দিন ধৰি বিৰাজমান হিংসাজর্জৰ পৰিৱেশ আৰু সুবিধাবাদৰ ৰাজনীতিৰ বাবে দুয়ো পক্ষৰ সৈতে ভাৰসাম্য বজাই ৰখা বা দূৰত্ব বজাই ৰখা লোক নতুবা পক্ষও বি টি এ ডি অঞ্চলত আছে৷ তেওঁলোকৰ সংখ্যাও ডলাই কৰিব পৰা বিধৰ নহয়৷ তাৰে গৰিষ্ঠসংখ্যকে বি টি এ ডিৰ শাসক পক্ষ নাইবা শক্তিশালী পক্ষক সমর্থন জনাই আহিছে৷ এইবেলিৰ নির্বাচনত ভোটখিনি ইড পি পি এলৰ সপক্ষে যোৱাৰ সম্ভাৱনা আছে৷ আনহাতে, মূল দুয়োটা পক্ষৰ মাজত জটিল সমীকৰণৰ বাবে কেতিয়াবা কেতিয়াবা পৰিষদীয় অঞ্চলত অনুষ্ঠিত নির্বাচন পূর্বানুমান কৰিব পৰা অৱস্থাত নাথাকে৷ বি পি এফ গঠনৰ পূর্বে বডো জাতীয়তাবাদী ৰাজনীতি একপ্রকাৰ এবছুৰ নিয়ন্ত্রণত আছিল৷ এবছুৰ ডদ্যোগতে কেইবাটাও ৰাজনৈতিক দল গঠন হৈছিল আৰু সময়ত বিলুপ্তি ঘটিছিল নাইবা হেৰাই গৈছিল৷ কিন্তু বি পি এফে এবছুৰ কর্তৃত্ববাদী ভূমিকাক অস্বীকাৰ কৰি নিজৰ বাবে এটা সুকীয়া ধাৰাৰ সৃষ্টি কৰি লয়৷ আনকি, হাগ্রামা মহিলাৰীৰ নেতৃত্বত দলটোৱে এবছুক মুকলিকৈয়ে প্রত্যাহ্বান জনাবলৈও আৰম্ভ কৰে৷ এইক্ষেত্রত দলটোৰ প্রধান সুবিধাটো হ’ল, বডো আৰু অজনজাতীয় সকলো লোকৰ মাজত বিস্তাৰ হৈ থকা সাংগঠনিক জালখন৷ বি পি এফে ৰাজনৈতিক প্রয়োজনতে সুকীয়া ৰাজ্যৰ দাবীটোৰ ক্ষেত্রত নমনীয় দৃষ্টিভংগী গ্রহণ কৰিবলৈ লয়৷ ইফালে, এবছুৱে সুকীয়া ৰাজ্যৰ দাবীটোৰ ক্ষেত্রত আপোচহীন স্থিতি গ্রহণ কৰি বডো জনগোষ্ঠীয় লোকৰ মাজত ৰাজনৈতিকভাৱে নিজৰ প্রভাৱ অক্ষুণ্ণ ৰাখিছে৷ যাৰ বাবে নির্বাচনী যুঁজত বডো জনগোষ্ঠীৰ ভোটৰ বিভাজন ঘটে আৰু অজনজাতীয় ভোটাৰৰ সমর্থন লৈ বি পি এফে পৰিষদীয় অঞ্চলৰ নির্বাচনত জয়ৰ ধাৰাটো মোটামুটিকৈ অব্যাহত ৰাখিবলৈ সক্ষম হয়৷ আনহাতে, পৰিষদীয় অঞ্চলত বসবাস কৰা অজনজাতীয় লোকৰ গৰিষ্ঠসংখ্যকৰ বেদনা হ’ল, ক্ষমতা, অধিকাৰ আৰু প্রভুত্ব হেৰুওৱা৷ এইক্ষেত্রত প্রথমেই নাম ল’ব পাৰি কোচ ৰাজবংশীসকলৰ৷ বি এ চি, বি টি চিৰ পৰা বি টি আৰলৈকে অঞ্চলটোত যদি আজিলৈকে কোনো এটা শক্তি অথবা পক্ষই অস্তিত্ব ৰক্ষাৰ যুঁজখন ধাৰাবাহিকভাৱে চলাই আছে, সেইটো হ’ল কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন৷ তাৰ পাছতে নাম ল’ব লাগিব আদিবাসী জনগোষ্ঠীৰ৷ সুকীয়া ৰাজ্যৰ দাবীত এবছুৰ নেতৃত্বত আন্দোলন চলি থকা সময়ত জনগোষ্ঠীটোৰ বিৰোধিতা সিমান প্রবল নাছিল৷ কিন্তু ১৯৯৬ চনত গোষ্ঠীগত সংঘাতৰ সন্মুুখীন হোৱাৰ পিছৰে পৰা আদিবাসী জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহ সৰৱ হৈ পৰে৷ অনুৰূপ অৱস্থা মুছলমান সমাজখনৰ৷ বি এ চিৰ পৰা বি টি চিলৈকে অঞ্চলটোত সংঘটিত গোষ্ঠীগত সংঘাতৰ সবাতকৈ অধিক লক্ষ্য হৈছে এই বিশেষ ধর্মীয় গোষ্ঠীটো৷ স্বাভাৱিকতে তেওঁলোকৰ মাজত একধৰণৰ ক্ষোভ পুঞ্জীভূত হৈ আছে৷ আন আন ক্ষুদ্র জনগোষ্ঠীৰ মাজতো বডো জাতীয়তাবাদী শিবিৰৰ বিৰুদ্ধে অনেক ক্ষোভ, অভিযোগ আছে৷ কিন্তু বিভিন্ন কাৰণত সকলো ঐক্যবদ্ধ হ’ব নোৱাৰা হেতু আৰু পৰিষদীয় সমষ্টিৰ প্রতিকূল জনবিন্যাসৰ বাবে বি টি এ ডিৰ সাধাৰণ নির্বাচনত বি পি এফক আজিলৈকে সবল ৰূপত প্রত্যাহ্বান জনাবলৈ সক্ষম হোৱা নাই৷ নৱ কুমাৰ শৰণীয়াই অবডোৰ ধাৰণা এটা সুমুৱাই দি তথা বি টি চিৰ পৰা অবডো বসতিপ্রধান গাঁও কর্তন আৰু বি টি চি চুক্তিৰ পুনৰীক্ষণৰ ধ্বনি দি সংশ্লিষ্ট পক্ষসমূহৰ বৃহৎ অংশ এটাক এখন মঞ্চলৈ অনাত সফল হ’লেও বি টি চিৰ নির্বাচনত অদ্যাপি সেই পৰীক্ষা–নিৰীক্ষা সফল হোৱা নাই৷ এইবাৰ সাংসদগৰাকীয়ে ৰাজনৈতিক দল এটা গঠন কৰি পৰিষদীয় নির্বাচনত অৱতীর্ণ হোৱাৰ কুচকাৱাজ চলাই আছে৷ কিন্তু সেই চেষ্টা কিমানদূৰ ফলৱতী হ’ব, সেইটো এতিয়াই নিশ্চয়কৈ ক’ব নোৱাৰি৷ এই প্রেক্ষাপটত মিত্র দলক এৰি অকলশৰে নির্বাচনী যুঁজত অৱতীর্ণ হ’বলৈ সিদ্ধান্ত গ্রহণ কৰা বিজেপিয়ে পৰিষদীয় অঞ্চলত নিজকে কিদৰে প্রক্ষেপ কৰে, সেইটো লক্ষণীয় হৈ পৰিব৷ দলটোৱে তৃতীয়খন বডো চুক্তিৰ কৃতিত্ব গ্রহণ কৰিবলৈ নিশ্চয়কৈ চেষ্টা চলাব৷ চুক্তিখনত বিকাশৰ বাবে যিমানবোৰ ব্যৱস্থাৰ কথা লিপিবদ্ধ আছে, তাৰো কৃতিত্ব লৈ নির্বাচনত বডো জনসাধাৰণৰ কাষ চাপিবলৈ চেষ্টা চলাব৷ এইক্ষেত্রত বিজেপিৰ প্রধান সুবিধাটো হ’ল, বি পি এফৰ প্রতি বডো জনসাধাৰণৰ বিৰাগ ভাব৷ দলটোৱে যদিও মিত্রতাৰ ধর্ম পালন কৰি ৰাজ্যসভাৰ এখন আসন বি পি এফক এৰি দিছে, সহমর্মিতা কিন্তু ইড পি পি এল তথা এন ডি এফ বিৰ প্রতি অধিক প্রদর্শন কৰিবলৈ লৈছে৷ একেদৰে বি টি আৰৰ পৰা অবডো বসতিপ্রধান গাঁও কর্তনৰ ব্যৱস্থাৰ কথা কৈ অজনজাতীয় লোকৰ পৰাও সমর্থন আদায়ৰ চেষ্টা চলিব৷ তদুপৰি, বি টি এ ডি অঞ্চলত ‘কা’ সমর্থন কৰা লোকৰ সংখ্যাও যথেষ্ট৷ দলটোৱে আৰ এছ এছৰ জৰিয়তে বডো, হিন্দু বাঙালীকে ধৰি পৰিষদীয় অঞ্চলৰ জনসাধাৰণৰ মাজত প্রভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলাব৷ দলটোৰ এই ৰণকৌশলে বি টি এ ডিৰ সকলো পক্ষকে কম–বেছি পৰিমাণে ক্ষতি কৰিব যদিও সর্বাধিক ক্ষতি বি পি এফ আৰু নৱ কুমাৰ শৰণীয়াৰ দলটোৰ হ’ব বুলি ক’ব পাৰি৷ অর্থাৎ বিজেপিৰ সিদ্ধান্তই একপ্রকাৰে ইড পি পি এলক লাভান্বিত কৰিব পাৰে৷ অৱশ্যে যাদুকৰী সংখ্যা তেওঁলোকেও লাভ কৰাৰ সম্ভাৱনা নাই৷

You might also like