নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোত ডিঙি চেপি বন্ধুক হত্যা সুৰাপায়ী বন্ধুৰ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ হাজোৰ ৰামদিয়া নামপাৰাত নিশা সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড । বন্ধুৰ হাতত প্ৰাণ গ’ল বন্ধুৰ ।

বন্ধুৰ হাতত অকালতে মৃত্যুক সাবটি লোৱা যুৱকজন হ’ল ৰামদিয়া আৰক্ষী চকীৰ অন্তর্গত ৰামদিয়া নামপাৰাৰ কমলা ডেকাৰ পুত্র দ্বিজেন ডেকা ৷

ঘটনা সন্দর্ভত জানিব পৰা মতে, শুকুৰবাৰে নিশা চিণ্টু ডেকা নামৰ বন্ধু এজনে দ্বিজেন ডেকাক ফুৰিবলৈ যোৱাৰ ছলেৰে ঘৰৰ পৰা মাতি নিয়ে ৷ নিশা প্রায় ৯ বজাত চিণ্টু ডেকা, দ্বিজেন ডেকা আৰু মৃদুল ডেকা তিনি বন্ধুৱে মদ্যপান কৰে৷ মদৰ ৰাগিত চিণ্টু ডেকাই বন্ধু দ্বিজেন ডেকাক ডিঙি চেপি নৃশংসভাৱে হত্যা কৰে৷

চিণ্টু ডেকাই এই কথা স্বীকাৰ কৰিছে৷ দ্বিজেন ডেকাক হত্যা কৰি সমীপৱর্তী সৰিয়হ খেতিৰ মাজত মৃতদেহটো পলাই দিয়ে৷ শনিবাৰে পুৱা স্থানীয় এজন লোকে সৰিয়হ খেতিৰ মাজত এটি মৃতদেহ প্রত্যক্ষ কৰে৷ মৃতদেহটো দ্বিজেন ডেকাৰ বুলি চিনাক্ত হয়৷

ঘটনাৰ খবৰ পোৱা মাত্রকে ৰামদিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰে৷ দুই অভিযুক্ত চিণ্টু ডেকা আৰু মৃদুল ডেকাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷

You might also like