নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোৰ ৰামদিয়াত অসম সাহিত্য সভাৰ তৃতীয় অধিবেশনৰ সভাপতি ভাষাবিদ কালিৰাম মেধিৰ সভাপতিৰ অভিভাষণৰ শতবৰ্ষীয় অনুষ্ঠান

 নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ তীৰ্থনগৰী হাজোৰ ৰামদিয়া জ্ঞানোদয় সাহিত্য সভাৰ উদ্যোগত আৰু ভাষাবিদ কালিৰাম মেধিৰ সুযোগ্য নাতি ড৹ শ্যামভদ্ৰ মেধিৰ সহযোগত আজি অসম সাহিত্য সভাৰ তৃতীয়গৰাকী সভাপতি ভাষাবিদ কালিৰাম মেধিৰ সভাপতিৰ অভিভাষণৰ শতবৰ্ষীয় অনুষ্ঠানটি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। প্ৰয়াত প্ৰাক্তন সভাপতি ভাষাবিদ কালিৰাম মেধিৰ উপজা দিৱসৰ সৈতে সংগতি ৰাখি ৰামদিয়া কালিৰাম মেধি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে জ্ঞনোদয় সাহিত্য সভাৰ সভাপতি অতুল চন্দ্ৰ কাকতিয়ে।স্মৃতি তৰ্পন কৰে প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ দাসে।বন্তি প্ৰজ্বলন কৰে সম্পাদক ৰঞ্জিত তালুকদাৰে। ইয়াৰ পিছতে অতুল চন্দ্ৰ কাকতিৰ সভাপতিত্বত আলোচনা সভা অনুস্থিত হয়। সভাত উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড৹ জগদীশ পাটগিৰিয়ে ভাষণ প্ৰসংগত অসমীয়া ভাষাতত্ব আৰু ব্যাকৰণ শাস্ত্ৰ সম্পৰ্কে বক্তব্য ৰাখি কয়, জ্ঞানী, কৰ্মী আৰু যোগী হব খুজিলে, কথাগীতা পঢ়িব লাগিব আৰু প্ৰাঞ্জল-সাৰ্বজনীন পুৰনি অসমীয়া ভাষা জানিব খুজিলে নামঘোষাৰ জ্ঞান লব লাগিব।

ঠিক সেইদৰে ঈশ্বৰবাদ আৰু ষড়দৰ্শনৰ আশ্বাদ লব খুজিলে ভট্টদেৱৰ কথাগীতা পঢ়িব লাগিব।তেওঁ পণ্ডিত কালিৰাম মেধিয়ে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰে। সভাত ভাষাবিদ প্ৰয়াত কালিৰাম মেধিৰ নাতি ড৹ শ্যামভদ্ৰ মেধিয়ে অসম সাহিত্য সভাৰ তৃতীয় অধিবেশনত সভাপতিৰ অভিভাষণৰ জৰিয়তে ৰাইজলৈ আগবঢ়োৱা বিভিন্ন দিশৰ ওপৰত উপস্থিত ৰাইজক অৱগত কৰে। অনুষ্ঠানত আলোচক হিচাপে উপস্থিত থাকি শুৱালকুছি এছ বি এম এছৰ অসমীয়া বিভাগৰ প্ৰধান অতুল চন্দ্ৰ দাস,প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক ড৹পৰশমণি দাস,কামৰূপ জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ড০ নৃপেন্দ্ৰ নাথ তালুকদাৰে ভাষাবিদ প্ৰয়াত কালিৰাম মেধিয়ে অসমীয়া ভাষা- সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি তেওঁৰ স্মৃতি ৰোমণ্ঠন কৰি শ্ৰদ্ধা জনাই। অনুষ্ঠানত ভাষাবিদ কালিৰাম মেধিৰ নাতি হৰিপ্ৰসাদ মেধি,অতুল মেধি প্ৰমুখ্যে ৰামদিয়া অঞ্চলৰ শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You might also like