নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোৰ ন-বোৱাৰী কংকনা মজুমদাৰ হত্যাকাণ্ডৰ চি বি আই তদন্তৰ দাবীৰে মহিলাৰ প্ৰতিবাদ

 নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ হাজোৰ ন- বোৱাৰী কংকনা মজুমদাৰৰ ৰহস্যজনক ভাৱে হোৱা মৃত্যুৰ ঘটনাৰ ছয়দিন উকলি যোৱাৰ পিছতো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ প্ৰতিবাদত আজি প্ৰায় তিনি শতাধিক পুৰুষ-মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী পুৰুষ-মহিলা সকলে হাজোৰ বিষ্ণুপুৰস্থিত নতুন বজাৰৰ পৰা হাজো আৰক্ষী থানালৈ উলিয়াই এক প্ৰতিবাদী সমদল। প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ কংকনা মজুমদাৰৰ হত্যাকাণ্ডৰ তদন্ত চি বি আইক অৰ্পণ কৰক, হত্যাকাৰী দ্বীপেন দাস (ৰমেন)ক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰক, হত্যাকাৰীক ফাচী দিয়ক, মহিলাৰ সুৰক্ষা নিশ্চিত কৰক, যৌতুক প্ৰথা বন্ধ কৰক, কংকনা হত্যাকাণ্ডৰ ন্যায় দিয়ক আদি শ্লোগানেৰে হাজো-গুৱাহাটী পথ আৰু হাজো আৰক্ষী থানাৰ সন্মুখ ভাগৰ পৰিবেশ উত্তাল কৰি তোলে। যাৰ ফলশ্ৰুতিত সদা ব্যস্ত হাজো-গুৱাহাটী পথ প্ৰায় এঘন্টাৰ বাবে বন্ধ হৈ পৰে আৰু ভীষণ যানজটৰ সৃষ্টি হয়।

ইয়াৰ পিছতে প্ৰতিবাদকাৰী সকলে এক স্মাৰক পত্ৰ হাজোৰ আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিক অৰ্পণ কৰে।উল্লেখ্য যে,চলিত বৰ্ষৰ মাৰ্চ মাহত ৰামদিয়া উজানকুৰিৰ গিৰিশ মজুমদাৰৰ একমাত্ৰ কন্যা কংকনা মজুমদাৰৰ অভয়পুৰৰ প্ৰয়াত শ্যামসুন্দৰ দাসৰ পুত্ৰ তথা ৰেলৱে বিভাগৰ কৰ্মচাৰী দ্বীপেন দাস(ৰমেন)ৰ লগত সম্পূৰ্ণ সামাজিক ৰীতি নীতিৰে বিবাহ কাৰ্য্য সম্পন্ন হৈছিল।বিয়াৰ কিছু দিনলৈ দুয়োৰে সংসাৰ ঠিকে-ঠাকে চলিছিল যদিও উত্থাপিত অভিযোগ অনুসৰি, দিন বাগৰাৰ লগে লগে কংকনাৰ ওপৰত স্বামীৰ পৰিয়ালৰ লোকে শাৰীৰিক মানসিক অত্যাচাৰ কৰিবলৈ লয়। তথাপি কংকনাই নিজৰ ভৱিষ্যতৰ কথা ভাবি সকলো নীৰৱে সহ্য কৰি গৈছিল।আনকি তেওঁৰ ওপৰত চলোৱা অত্যাচাৰৰ কথা ৰামদিয়াৰ পিতৃ-মাতৃকো কেতিয়াও অৱগত কৰা নাছিল।

চাকৰি সূত্ৰে স্বামী দ্বীপেন দাস(ৰমেন) লামডিঙত থকাত আৰু পুজা বুলি যোৱা দহ অক্টোবৰত স্বামী দ্বীপেনে কংকনাক লামডিঙত থকা ৰেলৱে আবাসলৈ লৈ যায়। লক্ষণীয় ভাৱে যোৱা চৈধ্য অক্টোবৰত ৰেলৱে আবাসত কংকনাই ৰহস্য জনক ভাৱে শৌচালয়ত ডিঙিত গামোচা লগাই আত্মাহত্যা কৰা বুলি ৰামদিয়াৰ পিতৃ গৃহত ফোন কৰি খবৰ দিয়ে। ততালিকে ৰামদিয়াৰ পিতৃ গৃহত কান্দোনৰ ৰোল উঠে।সিদিনাই বিয়লিৰ ভাগত ৰামদিয়াৰ পিতৃ গৃহৰ লোক লামডিঙৰ ৰেলৱে আবাসত উপস্থিত হয় আৰু কংকনাৰ মৃতদেহ আবাসত পৰি থকা প্ৰত্যক্ষ কৰে। ইফালে পৰিয়ালৰ অভিযোগ মতে, বিয়াৰ পাছৰে পৰা স্বামী দ্বীপেন দাস(ৰমেন),বিবাহিত বায়েক ৰুমী দাস,ককায়েক ৰঞ্জন দাস,সহিতে পৰিয়ালৰ অইন সদস্য সকলে ধন, বিলাসী বাহন বিচাৰি প্ৰায়ে মানসিক ভাৱে নিৰ্যাতন চলাই আহিছিল। যোৱা চৈধ্য অক্টোবৰতো পৰিয়ালৰ অইন সদস্য সকলৰ সহযোগত স্বামী দ্বীপেনে কংকনাক হত্যা কৰি আত্মাহত্যাৰ ৰূপ দিব দিব বিছাৰিছে।

কংকনাৰ শৰীৰত আঘাতৰ চিন থকা বুলি উল্লেখ কৰি এয়া এক পুৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি পিতৃ পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে কংকনাৰ হত্যাৰ ন্যায় বিছাৰি সিদিনাই হাতীশিলা আৰক্ষী চকীত স্বামী দ্বীপেন দাস(ৰমেন), বিবাহিত বায়েক ৰুমী দাস, ককায়েক ৰঞ্জন দাস,সহিতে পৰিয়ালৰ অইন সদস্য সকলৰ ওপৰত কংকনাৰ ককায়েক হীৰকজ্যোতি মজুমদাৰে এখন লিখিত এজাহাৰ দাখিল কৰিছে।

ইফালে কংকনাৰ মৃতদেহ লামডিঙৰ পৰিৱৰ্তে গুৱাহাটী জি এম চি এইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি এদিন পিছত নিশা পিতৃ গৃহ ৰামদিয়া উজানকুৰিত শেষকৃত্য সম্পন্ন কৰে।ৰাইজে ইয়াৰ এক উচিত তদন্ত কৰি দোষীক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত ৰাইজে দাবীও উত্থাপন কৰিছিল।

 

You might also like