হোজাইত ৰাজ্যৰ চাৰি জিলাৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ প্ৰশিক্ষণ শিৱিৰ
নিয়মীয়া বার্তা, ৭ মে: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পুৰ্বে চৰকাৰী বিদ্যালয়সমুহক ব্যক্তিগতকৰণৰ ইংগিত দিয়াৰ পিছতে ব্যক্তিগত বিদ্যালয়সমূহে আৰু অধিক উৎসাহিত হৈ আৰাম্ভ কৰিছে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ পৰিকল্পনা৷ আজি অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ আৰু মাণ্ডলীক সমিতিৰ প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰে । অসমৰ নগাওঁ, হোজাই, কাৰ্বি আংলং আৰু মৰিগাঁও জিলাৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ প্ৰাক -বিদ্যালয় শিক্ষাৰ শিক্ষকসকলক প্ৰশিক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে৷ শিশুসকলৰ মানসিক বিকাশ হবলৈ শাৰীৰিক ব্যায়াম, শাৰীৰিক ভংগীমাৰে নৃত্য গীত আদি কৰি কি দৰে শিশুসকলৰ মন-মগজুত ইতিবাচক প্ৰভাৱ পেলাব পৰে তাৰে সুন্দৰ কৈ প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছে শিক্ষক-শিক্ষয়ত্রীসকলক৷ হোজাইৰ বাডবকাৰ ভেলৌগুৰি জাতীয় বিদ্যালয় প্ৰাঙ্গণত গুৱাহাটী নুনুমাটি অসম জাতীয় বিদ্যালয়ৰ দুই প্ৰশিক্ষক ক্ৰমে অলকা গোস্বামী আৰু জুলি শইকীয়াই প্ৰশিক্ষণ আৰম্ভ কৰিছে ৷ হোজাই জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি অতুলচন্দ্ৰ বৰা,সাধাৰন সম্পাদক ৰফিকুল ইছলাম,উপ সভাপতি অনুপ বৰঠাকুৰৰ লগতে সমিতিৰ বিষয়ববীয়াসকলে নিয়াৰিকৈ প্ৰশিক্ষণ শিৱিৰ পৰিচালনা কৰে ।
প্ৰেৰকঃ কিশলয় ডি গোস্বামী