নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ট্ৰেভেলাৰৰ যাত্ৰীৰ পৰা লুটি নিলে ২০ লাখকৈ টকা

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ হোজাইৰ কপাহবাৰীত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। এখন ট্ৰেভেলাৰ বাহনৰ যাত্ৰীৰ পৰা ২০ লক্ষাধিক টকা লুটপাত দুৰ্বৃত্তৰ। যাত্ৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ডকাইতৰ দলটোৱে। এই ঘটনা সংঘটিত কৰি পলায়ন কৰে দুৰ্বৃত্তই।

লুটপাতত জড়িত থকা দুটা ডকাইতক কৰায়ত্ত কৰি ৰাইজৰ উত্তম মধ্যম শোধায় ৰাইজে। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল। উদ্ধাৰ কৰে এটা পিষ্টল। বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই ডকাইতকেইটাক।

You might also like