নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঞি–সূর্য দাসলৈ শ্বহীদ কৰম সিংহ জনমভূমি বঁটা

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ অসমৰ পৰা বিদেশী বিতাড়ন আন্দোলনৰ গর্ভত ভয়াৱহ তিৰাশী চনৰ এক মার্চ তাৰিখে কেন্দ্রীয় সংৰক্ষিত আৰক্ষীৰ গুলীত মৃত্যুবৰণ কৰি শ্বহীদ হোৱা অসমীয়া শিখৰ বসতিপ্রধান নগাঁও জিলাৰ বৰকলা গাঁৱৰ সু–সন্তান শ্বহীদ কৰম সিংহৰ নামত শ্বহীদজনাৰ ন্যাসৰ দ্বাৰা প্রৱর্তন কৰা শ্বহীদ কৰম সিংহ জনমভূমি বঁটা–২০১৯ প্রথিতযথা সাহিত্যিক, কথাশিল্পী, বিশিষ্ট সাংবাদিক, চিন্তাবিদ হোমেন বৰগোহাঞি আৰু গণশিল্পী ‘মানুহ দেখিছোঁ আজি বহুতো মানুহ…’ গীতৰ স্রষ্টা গীতিকাৰ সূর্য দাসলৈ আগবঢ়োৱা হৈছে৷

এই বঁটাত নগদ পঞ্চাশ হাজাৰ টকা, প্রশস্তি–পত্র, স্মাৰক, শৰাই, অংগবস্ত্র থাকিব৷ ২০২০ চনৰ ৮ ফেব্রুৱাৰীত শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ প্রেক্ষাগৃহত দিনৰ ১ বজাত অনুষ্ঠিত বঁটা প্রদান অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট বৈষ্ণৱ পণ্ডিত ড০ নৰেন কলিতাই হোমেন বৰগোহাঞিক আৰু বিশিষ্ট অতিথিৰূপে বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ কন্দর্প কুমাৰ ডেকাই গণশিল্পী সূর্য দাসক বঁটা প্রদান কৰিব৷

উক্ত অনুষ্ঠানতে শ্বহীদ কৰম সিংহৰ জীৱনৰ আধাৰত ৰচনা কৰা ‘শ্বহীদ কৰম সিংহঃ অতুল্য শিল্পকথা’ গ্রন্থৰ দ্বিতীয় সংযোজিত সংখ্যাটি উন্মোচন কৰা হ’ব৷ গ্রন্থৰ ৰচক তথা শ্বহীদ কৰম সিংহ ন্যাসৰ উপদেষ্টা আৰু সভাপতি ক্রমে ড০ নন্দ সিং বৰকলা আৰু জগদীশ সিঙে (ৰিজু) ৰাইজৰ উপস্থিতি কামনা কৰি এই প্রেছ বিবৃতিৰ জৰিয়তে অনুষ্ঠানৰ সফলতা কামনা কৰিছে৷

You might also like