নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ দিনতে অবৈধভাৱে সৰবৰাহ ২২৪৯ ট্রাক চোৰাং কয়লা

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ খাৰচাঙৰ কয়লাৰে অসমত আৰম্ভ হৈছে বৃহৎ চিণ্ডিকেট । শাসকীয় দলৰ বিধায়কৰ পৰা বিৰোধী বিধায়কলৈকে সকলোকে একাকাৰ কৰি দিছে এই কয়লা ছিণ্ডিকেটে । ছাত্ৰ নেতা-সাংবাদিকৰ হাতলৈও আহিছে ছিণ্ডিকেটৰ ধন । প্ৰাপ্ত তথ্য অনুসৰি যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ছিণ্ডিকেটৰ নিয়ন্ত্রণত যোৱানিশা অর্থাৎ ১৮ ফেব্রুৱাৰীলৈ ১১ দিনত সৰবৰাহ হৈছে ২,২৪৯খন কয়লাভর্তি ট্রাক৷ যোৱা ১০ আৰু ১১ ফেব্রুৱাৰীত অৰুণাচল প্রদেশৰ এটা সাংবাদিকৰ দল আৰু অৰুণাচল প্রদেশ ছাত্র সন্থাৰ প্রতিনিধিৰ ভ্রমণসূচীৰ বাবে বন্ধ থাকে অবৈধ কয়লা সৰবৰাহ৷ মার্ঘেৰিটাৰ কয়লা ছিণ্ডিকেটতকৈও এতিয়া অধিক তৎপৰ হৈ উঠিছে খাৰচাঙৰ কয়লাক কেন্দ্র কৰি গঢ়ি উঠা ছিণ্ডিকেট চক্র৷ খাৰচাঙত কয়লাভর্তি প্রতিখন ট্রাকে এক লাখ ২০ হাজাৰ টকা আদায় দিবলগীয়া হয়৷ যি ধনৰ ৪০ হাজাৰ টকাৰ গুণ্ডাকৰ অসমত প্রৱেশ কৰাৰ বাবে তিনিচুকীয়াস্থিত ছিণ্ডিকেট চক্রলৈ প্রেৰণ কৰা হয়৷ বহিঃৰাজ্যত খাৰচাঙৰ কয়লাৰ অধিক চাহিদাৰ বাবেই এতিয়া গঢ়ি উঠিছে এই বৃহৎ ছিণ্ডিকেট চক্র৷ খাৰচাঙৰ পৰা নিশাৰ ভিতৰতে প্রেৰণ কৰা কয়লাভর্তি ট্রাকসমূহ তিনিচুকীয়া জিলা হৈ বহিঃৰাজ্যলৈ যায়৷ তিনিচুকীয়া জিলাৰ শাসকীয় দলৰ এজন বিধায়কৰ ছত্রছায়াত পৰিচালিত হয় এই ছিণ্ডিকেট চক্র৷

প্রাপ্ত তথ্য মতে, এই বিধায়কজনৰ হৈ জনৈক মৰাণ, ভাই আদি কেইজনমান যুৱকৰ এটা গোটে অৰুণাচল সীমান্তৰ পৰা তিনিচুকীয়া জিলাৰ সীমান্তলৈ সমগ্র পথটো কয়লাৰ ট্রাক সৰবৰাহত চোৱাচিতা কৰে৷ তাৰ বাবে এই যুৱকৰ দলটোৱে প্রতিখন ট্রাকৰ বাবদ ১,৫০০ টকাকৈ লাভ কৰে৷ আনহাতে, জিলাখনৰ বিৰোধী দলৰ বিধায়ক এগৰাকীকো নিয়মীয়াকৈ দিয়া হয় কয়লা ছিণ্ডিকেটৰ ধন৷ অবৈধ কয়লা সৰবৰাহ নিয়ন্ত্রণৰ বাবে মুখ্যমন্ত্রীৰ নির্দেশত জিলা উপায়ুক্তই গঠন কৰা টাস্ক ফ’চৰ অধ্যক্ষয়ো ছিণ্ডিকেট চক্রৰ পৰা লাভ কৰে বৃহৎ পৰিমাণৰ কমিছন৷ আনহাতে, সংবাদ মাধ্যমক মেনেজ কৰাৰ বাবেও ছিণ্ডিকেট চক্রটোৱে ব্যয় কৰিছে বৃহৎ পৰিমাণৰ ধন৷ এই ছিণ্ডিকেট চক্রৰ সৈতে প্রশাসন আৰু আৰক্ষী জড়িত থকাৰো গুৰুতৰ অভিযোগো উত্থাপন হৈছে৷ উল্লেখ্য যে যোৱানিশা প্রায় এক বজাত ১৫নং ৰাষ্ট্রীয় ঘাইপথেৰে খাৰচাঙৰ পৰা অহা শতাধিক কয়লাভর্তি ট্রাক একাংশ ছাত্র সংগঠনৰ নেতাই ৰখাই কয়লা মাফিয়া তথা ডিগবৈৰ সংখ্যালঘু ছাত্র নেতা এজনৰ পৰা ছিণ্ডিকেটৰ ধন বিচাৰি কৰা ফোনৰ ৰেকর্ডিং সম্প্রতি ভাইৰেল হৈ পৰিছে৷ এই ভইচ কলৰ ৰেকর্ডিঙে এতিয়া তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ এই ৰেকর্ডিঙৰ পৰা স্পষ্ট হৈছে যে ৰাজস্থান, বিহাৰ আদি ৰাজ্যলৈ যাবলগীয়া এই কয়লাভর্তি ট্রাকসমূহ এৰি দিয়াৰ বিনিময়ত বিভিন্ন ছাত্র সংগঠনৰ ৫০জনীয়া যুৱকৰ দলটোৱে কয়লা মাফিয়াৰ পৰা বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল৷ উল্লেখ্য যে অৰুণাচল প্রদেশৰ খাৰচাং কয়লা ক্ষেত্রৰ পৰা অহা কয়লাভর্তি ট্রাকে ৰাজ্যখনৰ খনি বিভাগক ২৫ হাজাৰ টকাকৈ জমা দিব লাগে৷ ইয়াৰ বিপৰীতে অৰুণাচল আৰু অসমৰ ছিণ্ডিকেট চক্রটোৱে প্রতিখন ট্রাকৰ পৰা এক লাখ ২০ হাজাৰ টকা এণ্ড্রী ফীজ আদায় কৰি আহিছে৷ এই ধনসমূহ অৰুণাচলৰ এগৰাকী প্রভাৱশালী ব্যৱসায়ীৰ বাসগৃহত থকা এণ্ড্রী অফিচত জমা হয় বুলি জানিব পৰা গৈছে৷ আনহাতে, এই কয়লাৰ ট্রাক সৰবৰাহৰ ক্ষেত্রত মালয়েছিয়াৰ পৰা আমদানি কৰা কয়লাৰ নথি ব্যৱহাৰ কৰাৰ বিস্ফোৰক তথ্যও পোহৰলৈ আহিছে৷ এনেদৰে এতিয়া খাৰচাঙৰ কয়লা ছিণ্ডিকেট চক্রই একাংশ ভুৱা নথিৰে গুণ্ডাকৰৰ বিনিময়ত অব্যাহত ৰাখিছে অবৈধ ছিণ্ডিকেট৷

You might also like