১৮ তিৱা ৰজাক ১ লাখ টকাকৈ ৰাজসাহায্য প্রদান চৰকাৰৰ
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ‘চৰকাৰখন আপোনালোকৰ৷ আপোনালোকৰ কথা মনত ৰাখি আমি আগুৱাই গৈছোঁ৷ অসমৰ ভাষা–সাহিত্য, কৃষ্টি–সংস্কৃতি, ইয়াৰ ঐতিহ্য, মান–স্বাভিমান, আত্মসন্মান ৰক্ষা কৰাৰ বাবে এই চৰকাৰ এশ শতাংশ দায়বদ্ধ আৰু প্রতিজ্ঞাবদ্ধ৷ আমাৰ বিৰুদ্ধে সস্তীয়া অপপ্রচাৰ চলিছে৷ কিন্তু ৰাইজ আমাৰ লগত আছে৷ আমি সকলোকে সম–ধিকাৰ আৰু সমমর্যাদা দিয়াৰ বাবে বিভিন্ন কার্যসূচী হাতত লৈছোঁ৷’ –জোনবিল মেলাৰ অন্তিম দিনা গোভা ৰজাৰ ৰাজদৰবাৰত এই মন্তব্য কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷
ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী সোণোৱালে গোভা ৰজাকে ধৰি মধ্য অসমৰ ১৮জন তিৱা ৰজাক বর্ধিত হাৰত এক লাখ টকাকৈ ৰাজভাত্তা প্রদান কৰে৷
মুখ্যমন্ত্রীয়ে ভাষণ প্রসংগত কয় যে এক লাখ টকাৰ ৰাজভাত্তা ডাঙৰ কথা নহয়, কিন্তু ইয়াত আমাৰ শ্রদ্ধা আৰু সদ্ভাব আছে৷ তেওঁ অসমৰ সকলো ক্ষুদ্র ক্ষুদ্র জাতি–জনগোষ্ঠীয়ে সমিলমিলেৰে ঐক্যবদ্ধভাৱে বসবাস কৰিব লাগিব বুলিও উল্লেখ কৰি কয় যে আগন্তুক দিনত এই জোনবিল মেলাই বিশ্ব দৰবাৰত আকর্ষণৰ কেন্দ্রবিন্দু হওক৷
মুখ্যমন্ত্রীয়ে জোনবিল মেলাথলীত এটা অতি আকর্ষণীয় তিৱা সাংস্কৃতিক কেন্দ্র নির্মাণৰ পোষকতা কৰি ইয়াৰ বাবে যিমান পুঁজিৰ প্রয়োজন, সেয়া ৰাজ্য চৰকাৰে প্রদান কৰিব আৰু তিৱা কৃষ্টি–সংস্কৃতি জীয়াই ৰখাৰ ব্যৱস্থা কৰিব বুলি কয়৷ ৰাজদৰবাৰত মুখ্যমন্ত্রীৰ লগতে জাগীৰোডৰ বিধায়ক তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ুষ হাজৰিকায়ো উপস্থিত থাকে ।
একপ্রকাৰ লোকাৰণ্য হৈ পৰে জোনবিলৰ পাৰ৷ ইয়াৰ পাছতে মেলাত পৰম্পৰা অনুসৰি গোভা ৰজাৰ বা–বিষয়াসকলে মেলাৰ বিপণীসমূহৰ পৰা কৰ সংগ্রহ কৰাৰ পাছতে তিনিদিনীয়া কার্যসূচীৰ সামৰণি পৰে৷