নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“২০২০ত বিটিচিত নিশ্চিহ্ণ হ’ব বিপিএফ”- সাংসদ শৰণীয়া

নিয়মীয়া বার্তা,৩০ ডিচেম্বৰঃ খৈৰাবাৰীৰ ৰৌমাৰী প্রাথমিক বিদ্যালয় প্রাংগণত দেওবাৰে গণ সুৰক্ষা পার্টী, অসমৰ সাংগঠনিক সভা অনুষ্ঠিত হয়৷ বিয়লি এক বজাৰ পৰা অনুষ্ঠিত সভাখনত কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে৷ ভাষণত সাংসদগৰাকীয়ে উল্লেখ কৰে যে বিটিচিত জনসাধাৰণে ৰাজনৈতিক বিভ্রান্তিৰ সৃষ্টি কৰিছে৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবেহে উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছে৷ খিলঞ্জীয়াৰ সংজ্ঞা নির্ধাৰণৰ বাবে নহয়৷’

একেসময়তে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে দলটোৱে প্রতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰি ইছলামে কয় যে এই আইনে অসম চুক্তি সম্পূর্ণৰূপে নস্যাৎ কৰিছে৷ তদুপৰি সংবিধানৰ প্রস্তাৱনা আৰু কেইবাটাও ধাৰাৰ পৰিপন্থী হৈছে আইনখন৷ এই প্রসংগত তেওঁ কয় – ‘অসম চুক্তিৰ মূল লক্ষ্যই আছিল বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ৷ বর্তমানো মিত্রজোঁটৰ চৰকাৰত সদৌ অসম ছাত্র সন্থাৰ পৰা অহা নেতাই অধিক৷ তৎসত্ত্বেও ৰাজ্য চৰকাৰখনে বিদেশী বহিষ্কাৰৰ বিপৰীতে বিদেশীক আদৰিবলৈহে আগ্রহ প্রকাশ কৰিছে৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰাৰ আশ্বাস এক ললীপপহে৷ এই চৰকাৰে জাতি–মাটি বিক্রী কৰিলে৷ শ্বহীদৰ মূল্য দিব বুলি কোৱা চৰকাৰখনে ‘কা’বিৰোধী আন্দোলনত পাঁচগৰাকীক গুলীয়াই হত্যা কৰিলে৷ নৈতিক দায়িত্ব স্বীকাৰ কৰি চৰকাৰখনে পদত্যাগ কৰা উচিত৷’

ইপিনে, ‘কা’ বাতিলৰ প্রার্থনাৰে ইউডিএফ দ্বাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ৷ সংবাদ মেলত ইছলামে সদৰী কৰা অনুসৰি উচ্চতম ন্যায়ালয়ত ৰুজু হৈছে ইউডিএফৰ গোচৰ৷ ডায়েৰী নম্বৰ ৪৬৮৮৯/২০১৯ গোচৰটো পৰৱর্তী শুনানিৰ দিনা গ্রহণ কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে এআইইউডিএফপ্রধান বদৰুদ্দিন আজমলক সভাপতি হিচাপে লৈ নতুনকৈ ১৫৬জনীয়া কমিটী গঠন কৰা হৈছে৷ তদুপৰি যুৱ মর্চা, মহিলা মর্চা আৰু ছাত্র মর্চাৰো নেতৃত্বৰ সালসলনি কৰা হৈছে৷

You might also like