নিয়ৰ্মীয়া বাৰ্তা, ২২অক্টোবৰ : এপিএছচি পৰীক্ষাত উজলিল ৰঙিয়াৰ পূৰবী কলিতা । ডিটিঅ’ হিচাপে নিৰ্বাচিত হৈ গৌৰৱ কঢ়িয়াই আনিছে ৰঙিয়ালৈ । ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা ভৱ শংকৰ কলিতাৰ পত্নী পূৰবী কলিতা ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যলয়ত কনিষ্ঠ সহায়ক হিচাপে কৰ্মৰত । চাৰি বছৰীয়া এটি পূত্ৰ সন্তান মাতৃ পূৰবী কলিতাই মেট্ৰিক পৰীক্ষাতো ষষ্ঠ স্থান লাভ কৰিছিল । পৰবৰ্তী সময়ত পূৰবী কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে এম টেক ডিগ্ৰী লৈ ডাউন-টাউন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল । ইয়াৰ পিছত তিনি বছৰ পূৰ্বে ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত কনিষ্ঠ সহায়ক হিচাপে চাকৰিত যোগদান কৰে । এফালে চাকৰি , আনফালে চাৰি বছৰীয়া সন্তানৰ সৈতে এখন সংসাৰৰ গুৰু দায়িত্ব পালন কৰাৰ মাজতে এগৰাকী বোৱাৰীয়ে এনেদৰে অশেষ অধ্যাৱসায় আৰু পৰিশ্ৰমৰ ফলত এপিএছচিৰ দৰে পৰীক্ষাত সফল হোৱটো এক আদৰ্শৰ বিষয় হৈ পৰিছে । আজি কলিতাক এই সফলতাৰ বাবে ৰঙিয়া প্ৰেছ ক্লাবৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।
ফাৰুক হুছেইন , ৰঙিয়া