ৰঙিয়াৰ ভাতৃ–ভগ্নীক হোম কোৱাৰেণ্টাইন
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ লকডাউনৰ নিষেধাজ্ঞা আৰু আৰক্ষীৰ নির্দেশনা উলংঘা কৰি এখন এল্ট গাড়ীৰে ভাতৃ–ভগ্নী ৰঙিয়াৰ কেন্দুকোণাৰ পৰা আহি আজাৰা থানাৰ অন্তর্গত খানামুখত উপস্থিত হোৱা ঘটনাই আৰক্ষীৰ তালাচীৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়ে৷ প্রাপ্ত তথ্য মতে, খানামুখৰ হীৰেন বৰুৱাৰ ঘৰত ভাৰাতীয়া হিচাপে থকা ৰুকচানা বেগম (২০) নামৰ যুৱতীগৰাকীয়ে ধাৰাপুৰত থকা বি এছ এন এলত কাম কৰে৷ লকডাউনৰ আগে আগে যুৱতীগৰাকী কেন্দুকোণাৰ গৃহলৈ যায় আৰু তাতে আবদ্ধ হৈ পৰে৷ যুৱতীগৰাকীয়ে ভাতৃ চাদিক আহমেদ (১৮)ৰ সৈতে এখন এল্ট গাড়ীৰে ৰঙিয়াৰ পৰা আহি খানামুখৰ ভাৰাঘৰত উপস্থিত হয়৷ এই বিষয়ে সদৰী হোৱাৰ পিছতে স্থানীয় লোকসকলে আজাৰা প্রাথমিক স্বাস্থ্যকেন্দ্র আৰু আৰক্ষীক অৱগত কৰে৷ ইয়াৰ পিছত আজাৰা ৰাজহ চক্র বিষয়া কার্যালয়ৰ ক্ষেত্র পৰিদর্শক অজয় মজুমদাৰে আজাৰা আৰক্ষী আৰু চিকিৎসকৰ এটি দল লৈ ঘটনাস্থলীত উপস্থিত হয়৷ চিকিৎসকৰ দলটোৱে যুৱক–যুৱতীদ্বয়ৰ স্বাস্থ্য পৰীক্ষাৰ পিছত চৈধ্য দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰে৷ দুয়ো জানিবলৈ দিয়া মতে, কামৰূপ গ্রাম্যৰ ৰঙিয়া কেন্দুকোণাৰ পৰা কামৰূপ মহানগৰ জিলাৰ খানামুখলৈ ৰাষ্ট্রীয় ঘাইপথেৰে অহাৰ সময়ত ক’তো আৰক্ষীৰ তালাচীৰ সন্মুখীন হোৱা নাছিল৷ তদুপৰি এখন জিলাৰ পৰা আন এখন জিলালৈ অহাৰ বাবেও আৰক্ষী কিম্বা জিলা প্রশাসনৰ পৰা লোৱা নাছিল কোনো অনুমতি৷ এখন জিলাৰ পৰা আন এখন জিলালৈ যাবৰ বাবে জিলা প্রশাসনৰ অনুমতি লোৱাৰ লগতে চাৰিচকীয়া বাহনত দুজন উঠাৰ বাবেহে অসম আৰক্ষীয়ে নির্দেশনা দিছিল৷ তেনেস্থলত এখন চাৰিচকীয়া বাহনত তিনিজনকৈ লোক অনুমতিবিহীনভাৱে ৰাষ্ট্রীয় ঘাইপথেৰে এখন জিলাৰ পৰা আন এখন জিলালৈ কেনেকৈ আহিব পাৰিলে, তাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ৷