নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনামৰা মহাবিদ্যালয়ত ১৪ টাকৈ নতুন পাঠ্যক্ৰম মুকলি

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ যোৰহাট জিলাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান চিনামৰা মহাবিদ্যালয়ে ১৪ টাকৈ নতুন বৃত্তিমুখী পাঠ্যক্ৰম মুকলি কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুমোদিত এই পাঠ্যক্ৰমসমূহ চলিত বৰ্ষৰ পৰাই আৰম্ভ হ’ব । মহাবিদ্যালয়খনৰ কেবাটাও বিভাগ আৰু সংযুক্ত অনুষ্ঠানসমূহৰ অধীনত এই পাঠ্যক্ৰমসমূহ অন্তৰ্ভুক্ত হ’ব বুলি অধ্যক্ষ ড° অঞ্জন শইকীয়াই জানিবলৈ দিছে ।

সেই অনুসৰি ইংৰাজী বিভাগৰ তত্বাৱধানত স্প’কেন ইংলিছ ( ৬ মাহ ) আৰু ফাংছনেল ইংলিছ ( ৬ মাহ ), ভূগোল বিভাগৰ তত্বাৱধানত ক) ডিজেষ্টাৰ মেনেজমেন্ট, খ) চইল টেষ্টিং, গ) ৱাটাৰ টেষ্টিং ( ৬ মাহ ), ৰাজনীতি বিজ্ঞান বিভাগৰ তত্বাৱধানত হিউমেন ৰাইটছ ( ৬ মাহ ), অৰ্থনীতি বিজ্ঞান বিভাগৰ তত্বাৱধানত চাৰ্টিফিকেট ক’ৰ্ছ ইন মাছৰুম কালচাৰ (৬ মাহ ), মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিং কোষৰ তত্বাৱধানত চাৰ্টিফিকেট ক’ৰ্ছ ইন টেলী ( ৩ মাহ ), চাৰ্টিফিকেট ক’ৰ্ছ ইন বেচিক কম্পিউটাৰ ক’ৰ্ছ ( ৬ মাহ ), এন এছ এছ গোটৰ তত্বাৱধানত যোগ ( ৬ মাহ ), মহিলা কোষৰ তত্বাৱধানত আৰ্ট এণ্ড ক্ৰাফট (৬ মাহ ), বিউটিচিয়ান ( ৩ মাহ ), কাটিং- ষ্টিচিং এণ্ড ড্ৰেছ মেকিং ( ৬ মাহ ) আৰু উইভিং (৬ মাহ ) আই কিউ এ চি-ৰ তত্ত্বাৱধানত কাৰাটে ( ৬ মাহ আৰু এবছৰ ), আৰু যোৰহাটৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ সহযোগত অসমীয়া বিভাগৰ তত্বাৱধানত পাৰফ’ৰ্মিং আৰ্ট ( এবছৰীয়া ) বিষয়ৰ পাঠ্যক্ৰম মুকলি কৰা হৈছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড° বি চি বৰাই এক জাননীযোগে এই কথা জনাইছে । মহাবিদ্যালয়খনলৈ একেলগে চৌধ্যটাকৈ নতুন বিষয়ৰ পাঠ্যক্ৰম মুকলি কৰা কাৰ্য্যত অঞ্চলটোৰ বিদ্যানুৰাগী ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ।

You might also like