নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ বেগী বলাৰ শ্বোৱাইবৰ আত্মহত্যাৰ চেষ্টা, সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ দলত স্থান নোপোৱাৰ বাবেই পাকিস্তানৰ এগৰাকী বেগী বলাৰ শ্বোৱাইবে আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাই সমগ্ৰ ক্ৰীড়ামহলত চৰ্চা লাভ কৰিছে। তথ্য অনুসৰি পাকিস্তানৰ ক্ষিনী সিন্ধ প্ৰদেশৰ হায়দৰাবাদৰ এজন যুৱ ক্ৰিকেটাৰ শ্বোৱাইবক পাকিস্তান ক্ৰিকেট ব’ৰ্ড (পিচিবি)ৰ ইন্টাৰ ষ্টেট চেম্পিয়নশ্বিপত নিজৰ ঘৰুৱা দলত নিৰ্বাচিত কৰা হোৱা নাছিল। ইয়াৰ পিছতে শ্বোৱাইবে আত্মহত্যাৰ চেষ্টা চলায়।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি শ্বোৱাইবৰ হাতৰ সিৰা কটা অৱস্থাত মঙলবাৰে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। শ্বোৱাইবৰ অৱস্থা এতিয়াও সংকটজনক বুলি কোৱা হৈছে। শ্বোৱাইবৰ পৰিয়ালৰ এজন সদস্যই জনোৱা মতে, আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত ট্ৰাইলৰ পিছত প্ৰশিক্ষকে দলত শ্বোৱাইবক বাচনি কৰা নাছিল। ইয়াৰ পিছত তেওঁ ডিপ্ৰেছনত সোমাই নিজকে কোঠাটোত আবদ্ধ কৰি ৰাখিলে।

পৰিয়ালৰ লোকে জনোৱা মতে, শ্বোৱাইবক তেওঁৰ কোঠাৰ বাথৰুমত সিৰা কাটি অচেতন হৈ পৰা অৱস্থাত পৰিয়ালে উদ্ধাৰ কৰিছিল আৰু ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যায়। দলত নিৰ্বাচিত নোহোৱাৰ বাবে পাকিস্তানত আত্মহত্যাৰ চেষ্টা চলোৱাটো এইটো প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত কৰাচীত ক্ৰিকেটাৰ মহম্মদ জাৰায়াবে চহৰখনৰ ১৯ ​​বছৰ অনুৰ্ধ দলত নিৰ্বাচিত নোহোৱাৰ বাবে ঘৰতে আত্মহত্যা কৰিছিল।

You might also like