নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি মহাবিদ্যালয়ত চৰকাৰৰ অনুমোদিত শৈক্ষিক পৰ্য্যবেক্ষণ আৰু মূল্যায়ণ কাৰ্য্যসূচী

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ বৃহত্তৰ মৰিয়নি অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান মৰিয়নি মহাবিদ্যালয়ত চৰকাৰৰ দ্বাৰা অনুমোদিত শৈক্ষিক পৰ্য্যবেক্ষন আৰু মূল্যায়নৰ এটা দল উপস্থিত হৈ মহাবিদ্যালয়খনৰ শৈক্ষিক, বিদ্যায়তনিক, প্ৰশাসনিক আদি সকলো দিশ সুক্ষ্মভাৱে পৰ্য্যবেক্ষন কৰে । চৰকাৰৰ অনুমোদিত দুজনীয়া দলটোত ড° যোগেন কলিতা আৰু ড° জয়ন্ত গগৈয়ে অংশগ্ৰহণ কৰে । পৰ্য্যবেক্ষনৰ অন্তত মহাবিদ্যালয়ৰ সভাগৃহত দলটোৱে শিক্ষক – শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আদিৰ সৈতে এক আনুষ্ঠানিক সভাত মিলিত হয় । পৰ্য্যবেক্ষকদ্বয়ে মহাবিদ্যালয়ৰ কামকাজত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কেবাটাও পৰামৰ্শ আগবঢ়ায় । মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিশিৰ কুমাৰ বৰঠাকুৰো উপস্থিত থকা সভাখনত পৰ্য্যবেক্ষকদ্বয়ে মহাবিদ্যালয়সমূহে এখনে আনখনৰ সৈতে সংযুক্ত হৈ শৈক্ষিক কাৰ্য্যসূচীসমূহৰ আদান প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰি মৰিয়নি মহাবিদ্যালয়কো তেনে কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । তেনে কাৰ্য্যসূচীৰ ফলত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলো উপকৃত হ’ব বুলিও লগতে তেওঁলোকে উল্লেখ কৰে ।

আনহাতে, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক লগত লৈহে যিকোনো কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে প্ৰতিটো কাৰ্য্যসূচী ছাত্ৰ সমাজৰ বিকাশৰ কাৰণে হ’ব লাগে বুলি মন্তব্য কৰে । তাৰোপৰি অধ্যয়নৰ পৰিৱৰ্তে আন আন বিষয়ত আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলক কিদৰে আগবঢ়াই নিব পাৰি তাৰো ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও মন্তব্য কৰে । মহাবিদ্যালয়খনলৈ শিক্ষাগ্ৰহণ কৰিবলৈ অহা গ্ৰামাঞ্চল আৰু সচৰাচৰ যিসমূহ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল শিক্ষাগ্ৰহণৰ বাবে আহে তেনে অঞ্চল আৰু শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিবেশ উন্নত কৰাৰ বাবে অধ্যাপক অধ্যাপিকাসকলকো ব্যৱস্থা ল’বলৈ আহ্বান জনায় । মহাবিদ্যালয়খনৰ চৌহদক পাৰ্য্যমানে উপাৰ্জনক্ষম কামত ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াই ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ অনুযায়ী তেওঁলোকৰ কাৰিকৰী দক্ষতা বৃদ্ধি কৰিব পৰাকৈ কাৰ্য্যব্যৱস্থা ল’বলৈ পৰ্য্যবেক্ষকদ্বয়ে আহ্বান জনায় । মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ বিকাশৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিভাগসমূহক বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়াব লাগে বুলিও মতপোষন কৰে । কেৱল পাঠ্যক্ৰমৰ মাজতে সীমাবদ্ধ নাথাকি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিকাশৰ ওপৰিও শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ বাবে সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি দিশতো আগবাঢ়ি যাব পৰাকৈ পৰিবেশ সৃষ্টি কৰাত গুৰুত্ব দিবলৈও মহাবিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি পৰামৰ্শ আগবঢ়ায় । চৰকাৰী- বেচৰকাৰী বিভাগৰ কাষ চাপি তেওঁলোকৰ পতা আৰ্থিক সাহাৰ্য্য লাভ কৰি শিক্ষানুষ্ঠানখনৰ আন্তঃ গাঁ‌ঠনি উন্নয়নৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ দুয়ো আহ্বান জনায় । সভাখনত উপস্থিত থাকি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিশিৰ কুমাৰ বৰঠাকুৰে মহাবিদ্যালয়খনৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা যিকোনো পদক্ষেপত সদায় সহযোগিতা আগবঢ়াই যাব বুলি উল্লেখ কৰি শিক্ষানুষ্ঠানখনৰ লগতে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীণ উন্নয়নৰ বাবে অধ্যাপক- অধ্যাপিকা সকলকো নিজৰ দায়িত্বসমূহ সততাৰে পালন কৰিবলৈ আহ্বান জনায় ।

পৰ্য্যবেক্ষকদ্বয়ে মহাবিদ্যালয়ৰ প্ৰশাসনীয় ভৱন, কলা শাখাৰ লগতে বাণিজ্য শাখা আৰু বিজ্ঞান শাখা, কেন্টিন, পুথিভঁ‌ৰাল, ছাত্ৰী নিবাস, ইনড’ৰ ষ্টেডিয়াম, ছাত্ৰী জিৰনি চ’ৰা, মহাবিদ্যালয়ৰ এন এছ এছ গোট, আই কিউ এ চি কাৰ্য্যালয়, বিভিন্ন বিভাগ সমূহ পৰিদৰ্শন আৰু পৰ্য্যবেক্ষন কৰি বুজ লয় । মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাই পাৱাৰ পইন্টৰ জৰিয়তে মহাবিদ্যালয়খনৰ খতিয়ান ডাঙি ধৰে । দুয়োজন পৰ্য্যবেক্ষকে মহাবিদ্যালয়খনৰ সামগ্ৰিক পৰিদৰ্শন আৰু পৰ্য্যবেক্ষন কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ইয়াতকৈ অধিক গতিশীল কাৰ্য্যসূচী ৰূপায়ণ কৰিলে ‘নাক’ৰ মূল্যায়নৰ সময়ত যথেষ্ট উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব বুলি মত প্ৰকাশ কৰে । অৱশ্যে বিজ্ঞান শাখাৰ আন্তঃগাঁ‌ঠনি অধিক উন্নত কৰাৰ প্ৰাসংগিকতাৰ পোষকতা কৰে দুয়ো । ইয়াৰ পূৰ্বে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাৰ নেতৃত্বত মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী সকলে দুয়োজন পৰ্য্যবেক্ষকক বিপুল আদৰণি জনায় । মহাবিদ্যালয় এন চি চি গোটে দুয়োকে গাৰ্ড অৱ অনাৰ প্ৰদান কৰে ।

You might also like