কৃষক আইন বাতিলঃ নগাঁৱত কংগ্ৰেছৰ বিজয় উৎসৱ
নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ বাবে প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰাত নগাওঁ জিলা কংগ্ৰেছে ইয়াক গণতন্ত্ৰৰ জয় বুলি মন্তব্য কৰাৰ লগতে এইয়া কৃষকৰ বৃহৎ জয় বুলি অভিহিত কৰে। সেয়ে আজি নগাওঁ জিলা কংগ্ৰেছে এই উপলক্ষে জিলা কংগ্ৰেছ কাৰ্যালয়ত বিজয় উল্লাস পালন কৰাৰ লগতে কৃষক আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই কার্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয়, “বিজেপি নেতৃত্বাধীন চৰকাৰে জন বিৰোধী নীতি গ্ৰহণ কৰি আহিছে। মূল্যবৃদ্ধিৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুৰ্বিসহ কৰি তুলিছে।” কংগ্ৰেছে সদায় জনগণৰ স্বাৰ্থত মাত আহিছে বুলি উল্লেখ কৰি ৰকিবুল হুছেইনে কয়, “‘কা’কে ধৰি জন বিৰোধী আইন সমূহ বাতিলৰ বাবে কংগ্ৰেছে যুজঁ দি যাব।”
বিজেপি চৰকাৰক কঠোৰ সোমালোচনা কৰি হুছেইনে কয়, “কৃষকৰ ওচৰত সেও মানি বিজেপি চৰকাৰে কৃষি আইন বাতিল কৰাৰ অৰ্থ হল বিজেপি চৰকাৰৰ পতনৰ কাউণ্ট ডাউন আৰম্ভ হৈছে।” কার্যসূচীত বিধায়ক শশীকান্ত দাস, জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সুৰেশ বৰাকে ধৰি ভালে সংখ্যক কংগ্ৰেছ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।