নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত ছাঁ চেৰিটেবল ট্ৰাষ্টৰ ,আদৰ্শ সাংবাদিক বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: “নিয়মীয়া বাৰ্তা”ৰ গোৱালপাৰাৰ সাংবাদিক উদিত নাৰায়ণ কলিতা মনোজ কুমাৰ দাস , যোগেন সুত্ৰধৰকে ধৰি জিলাখনৰ আন কেবাগৰাকী সাংবাদিকক আজি “আদৰ্শ সাংবাদিকতা বঁটা” আনুষ্ঠানিক ভাৱে প্ৰদান কৰে ছাঁ চেৰিটেবল ট্ৰাষ্ট এণ্ড পাব্লিছাৰ্চে ৷ আজি গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় বঁটা-সম্বৰ্ধনা প্ৰদান আৰু গ্ৰন্থ উন্মোচন সভা।ছা চেৰিটেবল ট্ৰাষ্ট এণ্ড পাব্লিছাৰ্চ,গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট কবি এন হক জান”গৰু”আৰু আব্দুৰ ৰহিম আহমেদে লিখা “প্ৰজ্ঞাময়” দুখনকৈ কাব্য গ্ৰন্থ উন্মোচন কৰে ক্ৰমে বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক কেৰামত আলী সেখ আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ছজিমুদ্দিন আহমেদে। সভাত নিয়মীয়া বাৰ্তাৰ গোৱালপাৰাৰ সাংবাদিক উদিত নাৰায়ণ কলিতা , নিয়মীয়া বাৰ্তা কাকতৰ আন দুগৰাকী সাংবাদিক ক্ৰমে মনোজ দাস, যোগেন সুত্ৰধৰক আদৰ্শ সাংবাদিকতা বঁটা প্ৰদান কৰাৰ লগতে জিলাখনৰ সাংবাদিক আব্দুছ ছোবাহান, ৰছিদুল হুছেইন, বিশ্বজিৎ দাস, ৰাফতাৰুল ইছলাম, মনোজ দাসক “আদৰ্শ সাংবাদিকতা বটাঁ” প্ৰদান কৰা হয়।

ইয়াৰ লগতে যুৱ কংগ্ৰেছী নেতা ৰাকেশ চক্ৰৱৰ্তী, ৰাইজৰ দলৰ যুৱ নেতা আমিনুল হক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি জাকিৰ হুছেইন ,এইচ আৰ ডিৰ বাহাদুৰ ইছলাম আৰু আনোৱাৰ হুছেইনক আদৰ্শ যুৱ বটাঁ প্ৰদান কৰা হয়। সভাত বিশিষ্ট কবি মোজাম্মেল সিকদাৰ,নাচিৰ আহমেদ,আলতাপ মজুমদাৰ,অধ্যাপক ফৰিদা ইয়াচমিনক আদৰ্শ কবি বটাঁ প্ৰদান কৰা হয়।সভাখনত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹মণ্টু কুমাৰ দাস,বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক কেৰামত আলী সেখ, বিশিষ্ট কবি তথা শিক্ষক আবুশামা আহমেদ,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ছজিমুদ্দিন আহমেদ আৰু সাংবাদিক ৰিংকু দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।ছা ছেৰিটেবল ট্ৰাষ্টৰ আজিৰ এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹মণ্টু কুমাৰ দাসে ট্ৰাষ্টৰ এনে ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে এন এ ৰুবুল মিৰ্জাক ধন্যবাদ জ্ঞাপন কৰে আৰু ট্ৰাষ্টৰ হৈ তেওঁ গুৱাহাটী মহানগৰীত শিক্ষাৰ পৰা বঞ্চিত হোৱা লৰা-ছোৱালীক শিক্ষা গ্ৰহণৰ যি ব্যৱস্থা হাতত লৈছে এই ক্ষেত্ৰত যাতে সফলতা লাভ কৰে তাৰ কামনা কৰে।এন ই ৰুবুল মিৰ্জা আৰু সংবাদ প্ৰহৰীৰ সম্পাদক চৈয়দ বুলবুল জামানুৰ হকে সঞ্চালনা কৰা সভাখনত বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক কেৰামত আলী সেখ,অসম সাহিত্য সভাৰ কাৰ্যকৰী সদস্য তথা পি আৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ছজিমুদ্দিন আহমেদ,শিক্ষক আবুশামা আহমেদ, সাংবাদিক সন্থাৰ সভাপতি আব্দুছ ছোবাহান, সাংবাদিক ৰিংকু দাসে ভাষণ প্ৰদান কৰে।

প্ৰেৰক- লক্ষ্মণ কুমাৰ নাথ 

You might also like