কয়াকুছিত ৪৪,০০০ টকাসহ ড্ৰাগছ বেপাৰীক আটক কয়াকুছি আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ আগষ্টঃ বৰপেটাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ মাজতে আজি আকৌ কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত ঠেকা গাঁৱত এজন ড্ৰাগছ মাফিয়াক আটক কৰে। জানিব পৰা মতে ঠেকা গাঁৱৰ সচেতন ৰাইজৰ তত্পৰতাত আবু তালেব (খাটা)ৰ ঘৰত ড্ৰাগছ আসক্ত লোকক প্ৰত্যক্ষ কৰি স্থানীয় কয়াকুছি আৰক্ষী চকীক অৱগত কৰে। কয়াকুছি আৰক্ষীয়ে লগে লগে উক্ত আবু তালেবৰ ঘৰত উপস্থিত হৈ একে গাঁৱৰে যাত্ৰা হুছেইনৰ পুত্ৰ ছানোৱাৰ হুছেইন (২১)ক কিছু পৰিমাণৰ ড্ৰাগছৰ লগতে নগদ ৪৪,০০০ টকা জব্দ কৰিবলৈ সক্ষম হয়। লগতে থকা আৰু দুজন ড্ৰাগছ আসক্ত যুৱক পুলিচৰ উমান পাই পলাই যায়। কয়াকুছি অঞ্চলৰ বিভিন্ন গাঁৱত বৰ্তমান ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সজাগতা সভা পাতি স্থানীয় মুখীয়াল ব্যক্তিসকলৰ লগতে সচেতন যুৱকক লৈ কমিটি গঠন কৰি ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে।
প্ৰেৰক আফতাব হুছেইন