নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠীয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ আজি কঠীয়াতলী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত এঘাৰ মাইলত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা এ এছ ০১ আৰ চি ১৯২৫ নম্বৰৰ ট্ৰাকখনত কাৰ্বি আংলং জিলাৰ ডকমকা আমপুখুৰীৰ পৰা আহি থকা এখন টৈম্পুৱে তীব্ৰ বেগেৰে খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে পূৰ্ণিমা ইংলেংপী (৪০) নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। কঠীয়াতলী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত গগৈৰ নেতৃত্বত যোৱা আৰক্ষী দলে মৃত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ছহিদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু গুৰুত্বৰ আহত ছজন লোকক কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে যদিও সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। গুৰুতৰভাৱে আহতসকল ডকমকা আমপুখুৰীৰ পৃথিমী তেৰণপী (২০) চেনদিহন তেৰণ (২৩), বিস্মৃতি তেৰণপী (৬), সুনীকা ইংহিপী (১৬), কাৱে ফাংচʼপী (৪৫), বদন ৰংফাৰ (৪২)। জানিব পৰা মতে আজি ডকমকাৰ পৰা এখন টৈম্পু ভাড়া লৈ ৰাঙলুস্হিত প্লেন কাৰ্বি মিছন ইংলিছ স্কুললৈ তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ খবৰ লবলৈ আহিছিল। দুৰ্ভাগ্যবশত স্কুলখন পাবলৈ অলপ বাকী থকা অৱস্থাতে ঘটনাটো সংঘটিত হয়।

প্ৰেৰক ঘনকান্ত বৰা

You might also like