টিংখাঙৰ উমাতাৰা বাগিচাত মঞ্চতে শিল্পীক চৰম অপমান
নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ সৌ সিদিনা ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰা অসমীয়া ভাষাৰ প্ৰতি চৰম অপমান। এইখন অসমৰে এটা প্ৰান্তত শাৰদীয় মঞ্চত ৰাজহুৱা ভাৱে লাঞ্চিত, অপমানিত হ’বলগীয়া হ’ল মাতৃভাষা। একাংশ মদাহী, উদণ্ড, বিকৃত মানসিকতাৰ যুৱকে শিল্পীৰ মুখৰ পৰা কাঢ়ি আনিলে অসমীয়া ভাষাটোকে। টিংখাঙৰ সমীপৰ এখন চাহ বাগিচাত সংঘটিত হৈছে এই চৰম অপমানজনক ঘটনা। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত উমাতাৰা চাহ বাগিচাত অনুষ্ঠিত হোৱা শাৰদীয় সাংস্কৃতিক অনুষ্ঠানত দশমীৰ নিশা মঞ্চত অসমীয়া গীত গাই চৰম অপমানিত হ’ল এগৰাকী উদীয়মান কন্ঠশিল্পী। মঞ্চত গীত গাই থকা উদীয়মান কন্ঠশিল্পী বলিন ৰহনৰ সন্মুখত যুযুধান স্থিতিত একাংশ দৰ্শক। আঙুলি টোঁৱাই শিল্পীগৰাকীক গীত পৰিৱেশন বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰিছে একাংশ দৰ্শকে। পিছে কি দোষ কৰিলে শিল্পী গৰাকীয়ে। কাৰণ শুনিলে আপুনি আচৰিত হোৱাই নহয় শংকিত হৈ পৰিব। শাৰদীয় মঞ্চত অসমীয়া গীত গোৱাৰ ফলতেই এনেদৰে ৰাইজৰ ৰোষত পৰিল কন্ঠশিল্পী গৰাকী। শিল্পীগৰাকীয়ে উমাতাৰা চাহ বাগিচাৰ উক্ত সাংস্কৃতিক সন্ধিয়াত উপস্থিত দৰ্শকৰ সমুখত বহু কেইটা চাহ জনগোষ্ঠীয় গীত , ঝুমুৰ আদি পৰিবেশন কৰাৰ পাচত হাৰ্টথৱ জুবিন গাৰ্গৰ মাজুলী শীৰ্ষক গীতটি গাবলৈ আৰম্ভ কৰিছিল হে মাত্ৰ। তেনেতে দৰ্শকৰ মাজৰ পৰা মঞ্চৰ সন্মুখলৈ আহি অসমীয়া গীতৰ পৰিৱেশন বন্ধ কৰিবলৈ সকিয়নি প্ৰদান কৰে। আনকি শিল্পীগৰাকীক আক্ৰমণ কৰিবলৈও উদ্যত হয় উদণ্ড লোকসকল।পৰিস্থিতি বিষম দেখি কন্ঠশিল্পী বলিন ৰহনে অসমীয়া গীত পৰিৱেশন আধাতে সামৰিবলৈ বাধ্য হয়। সমগ্ৰ বিষয় সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইয়া অসমীয়া ভাষাৰ প্ৰতি চৰম অপমান বুলি অভিহিত কৰিছে কন্ঠশিল্পী গৰাকীৰ লগতে , স্থানীয় দল- সংগঠন, তথা সচেতন মহলে। কথা হ’ল, চাহ বাগিচা অঞ্চলত সাংস্কৃতিক মঞ্চত অসমীয়া গীত গোৱাটো নিষিদ্ধ নেকি। যদি নহয়, তেন্তে উক্ত অনুষ্ঠানত অসমীয়া গীত মাতৰ বিৰোধ কৰা উন্মাদ, মাতব্বৰ দলটোক বাধা দিবলৈ উক্ত অনুষ্ঠানৰ উদ্যোক্তা , স্থানীয় জ্যেষ্ঠ সচেতন ব্যক্তি , বাগিচা কতৃপক্ষ্যই আগবাঢ়ি নাহিল কিয় বুলি বহুজনে প্ৰশ্ন উত্থাপন কৰিছে। এনে অনাহুত পৰিস্থিতিৰ পাচতো সকলোৱে চকু মুদা কুলিৰ ভাও ধৰা কাৰ্যই উদ্ভৱ কৰিছে অনেক প্ৰশ্নৰ। সঁচাকৈ চাহ বাগিচা অঞ্চলত অসমীয়া ভাষা বয়কতৰ কোজকাৱাজ চলিছে নেকি। কি ক’ব চাহ জনগোষ্ঠীয় বুদ্ধিজীৱী তথা দল-সংগঠনৰ নেতৃত্বই। শাস্তি পাবনে অসমতে অসমীয়া ভাষাক ভৰিৰে মোহাৰিব খোজা এইসকল দুস্কৃতিকাৰীয়ে। কিন্তু লক্ষ্যণীয় ভাৱে ঘটনাস্থলীতে এজনো আৰক্ষী লোক প্ৰত্যক্ষ কৰা নহল। এই অকল্পনীয় ঘটনাটোৱে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সৰ্বত্তে। এতিয়া চাহ জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বই কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হব।
প্ৰেৰক কৃষ্ণ গগৈ