আধাৰ কাৰ্ডৰ বনোৱাৰ বাবদ সাধাৰণ ৰাইজক লুটিছে একাংশ মধ্যভোগীয়ে
নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ প্ৰধান মন্ত্ৰী আৱাস যোজনা (PMGY) আৰু ৰেচন কাৰ্ডৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰাৰ পিছতে এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ অৱস্থা৷ কাৰোবাৰ যদি আধাৰ কাৰ্ড নাথাকে তেনেহলে কোনোৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ নাপাব বুলি খবৰেৰে আতংকিত কৰিছে বানাক্ৰান্ত দুখীয়া ৰাইজক৷ দেশত কৰোনাৰ পিছত বানপানীয়ে বানাক্ৰান্ত অঞ্চলৰ ৰাইজক জুৰুলা কৰাৰ পাছতেই এইবাৰ পুনৰ আতংকিত কৰি তুলিছে আধাৰ কাৰ্ডে ৷ এতিয়া আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰ সমূহত পুবা ৬ বজাৰ পৰাই দেখা গৈছে ব্যাপক ভিৰ৷ এই কেন্দ্ৰ সমূহত নাই কোনো সামাজিক দূৰত্ব৷ ইফালে এই আধাৰৰ কেন্দ্ৰ কৰি একাংশই গঢ়িছে লুন্ঠণৰ পথ৷
যিহেতু ধেমাজি জিলাৰ জোনাই মহকুমাত আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰ কম হোবা বাবে একাংশ সুবিধাবাদী লোকে ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আধাৰ কাৰ্ড প্ৰস্তুত কৰি দিয়াৰ নামত দুখীয়া বানাক্ৰান্ত ৰাইজৰ মাজত ৰমৰমীয়া ব্যৱসায়ত নামি পৰিছে ৷ সাধাৰণ গঞাৰ অজ্ঞানতাৰ সুযোগ লৈ আধাৰ কাৰ্ড বনাই দিয়াৰ নামত জনে প্ৰতি ৩০০ৰ পৰা ১০০০ টকালৈ লোবা বুলি ৰাইজে জানিবলৈ দিছে৷ এমুঠি অন্নৰ কাৰনে হাহাকাৰ হৈ থকা সাধাৰণ ৰাইজে চৰকাৰী প্ৰধান মন্ত্ৰী আৱাস যোজনা (PMGY) আৰু আৰু সুলভ মুল্যৰ ৰেচন কাৰ্ডত আধাৰ কাৰ্ড সংযোগ নকৰিলে ঘৰ নাপাব আৰু ৰেচন কাৰ্ডসমুহ অতিশীঘ্ৰে বাতিল হৈ যাব বুলি হাবাথুৰি খাব লগা হৈছে ৷ জোনাই মহকুমাত কিছুমান কম্পিউটাৰ চেন্টাৰত দৈনন্দিনভাৱে শ-শ দুখীয়া ৰাইজে ৩০০ৰ পৰা ১০০০ টকা পৰ্যন্ত টকা পৰিশোধ কৰি প্ৰ-পত্ৰ পূৰন কৰি আধাৰ কাৰ্ডৰ প্ৰস্তুতৰ প্ৰক্ৰিয়া অব্যাহত আছে ৷
ইফালে জোনাই মহকুমাত আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰ মাত্ৰ তিনিটা হোৱাত ৰাইজৰ বহু অসুবিধা হোবাৰ লগতে পৰ্যাপ্ত হোবা নাই বুলি অভিযোগ কৰিছে ৰাইজে৷ যাৰ সুবিধা লৈছে মধ্যভোগীয়ে৷ সৰ্বসাধাৰণ ৰাইজে অতি সোনকালে জোনাইত আৰু কেবাটাও আধাৰ কাৰ্ড প্ৰস্তুত কৰা কেন্দ্ৰ স্থাপন কৰি ৰাইজক সকাহ দিবলৈ আহ্বান জনাইছে চৰকাৰক৷ ইপিনে একাংশ সাধাৰণ দুখীয়া ৰাইজে বৰ্তমানৰ এনে সংকটৰ মুহুতত তেনেধৰণৰ আঁচনি চৰকাৰে প্ৰস্তুত কৰা কাৰ্যক ক্ষোভ উজাৰি তীব্ৰ ভাষাৰে চৰকাৰক গৰিহনা দিয়াৰ লগতে এমুঠি অন্নৰ বাবে হাহাকাৰ হৈ থকা মুহুৰ্তত এই অসাধু চক্ৰটোৰ লুন্ঠনৰাজক সমালোচনা কৰিছে ৷ তদুপৰি একাংশই চৰকাৰে আধাৰ কাৰ্ডৰ ওপৰত বান্ধি দিয়া দৰত প্ৰ-পত্ৰ প্ৰস্তুত কৰি দিবলৈ চৰকাৰ তথা জোনাই মহকুমা প্ৰশাসনক ইয়াৰ কাৰ্যকৰনাৰ্থেও বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে