নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজাত চৰকাৰী বন্ধ দাবীত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পেঙেৰিত চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সমিতিৰ সহযোগত আৰু পেঙেৰি শাখা সমিতিৰ উদ্যোগত ভাদ মাহৰ শুক্লা একদক্ষী তিথিৰ দিনা চাহ জনগোষ্টী জাতীয় উৎসৱ কৰম উৎসৱ উপলক্ষে চৰকাৰী বন্ধৰ ঘোষণা কৰাৰ দাবীত সাংস্কৃতিক সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কৃষি কৰ্মৰ সৈতে জড়িত কৰম পূজাত চৰকাৰী বন্ধৰ মৰ্যাদা দিয়াৰ বাবে দীৰ্ঘদিনীয়া ধৰি ৰাজ্য চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-সংগঠনটোৱে । অনাগত দিনত ৰাজ্য চৰকাৰে চাহ – জনজাতি ছাত্ৰ সন্থাৰ দাবী সমূহ সম্পূৰ্ণ ৰূপে কাৰ্য্যকৰি নকৰিলে ইয়াত কৈ জংগী আন্দোলন গঢ়ি তুলিব বুলি ৰাজ্য চৰকাৰক হুংকাৰ দিয়ে সংগঠনটোৱে।

You might also like