নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত গৃহমন্ত্ৰী অমিত শ্বাহ, বিটিআৰবাসীৰ উষ্ম আদৰণি

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ কালি জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিৰ পিছত আজি কোকৰাঝাৰত উপস্থিত হয় বিজেপিৰ আনগৰাকী শীৰ্ষ নেতা গৃহমন্ত্ৰী অমিত শ্বাহ। ভীষণ কুঁৱলীৰ হেলিকপ্টাৰৰ অৱতৰণত অসুবিধা থকা বাবে মন্ত্ৰীগৰাকী নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ উপস্থিত হয় কোকৰাঝাৰৰৰ গ্ৰীন ফিল্ডত।

জনগণৰ বিপুল আদৰণিৰ মাজেৰে মঞ্চলৈ আগবঢ়াই অনা অমিত শ্বাহক আদৰণি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি আন ৰাজ্যিক নেতাবৃন্দই।

বিটিআৰ চুক্তিৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে কোকৰাঝাৰত আজিৰে পৰা ২৭ জানুৱাৰীলৈ অনুষ্ঠিতব্য কাৰ্যসূচীত দেশৰ গৃহমন্ত্ৰীৰ উপস্থিতিয়ে আনন্দিত কৰে বিটিআৰ বাসীক। ভাষণ প্ৰসংগত অমিত শ্বাহে উল্লেখ কৰে যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ প্ৰচেষ্টাতে বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে আৰু ই চিৰদিন প্ৰৱাহিত হৈ থাকিব।

ইয়াৰ লগতে তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে অসমৰ ভিতৰতে বিকশিত প্ৰান্ত ৰূপে বিটিআৰ পৰিচিত হব। ইউ পি পি এলে এন ডি এত যোগদান কৰা কাৰ্যতো তেওঁ আনন্দ প্ৰকাশ কৰে আৰু প্ৰমোদ বড়োৰ নেতৃত্বত বড়োলেণ্ড বহুদূৰ আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে। বিৰোধীক সমালোচনা কৰি শ্বাহে কয়- ‘কংগ্ৰেছে অসম ৰক্তাক্ত কৰি ৰাখিছিল। কংগ্ৰেছে বহুকেইখন চুক্তি কৰিছিল ৷ কিন্তু ৰূপায়ণ নহ’ল ৷ কেৱল প্ৰতিশ্ৰুতি হৈ থাকিল। কিন্তু ৭০ বছৰে নোহোৱা বিকাশ এতিয়া আমাৰ চৰকাৰৰ দিনত হৈছে। বড়ো জাতিৰ সকলো ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষা আমাৰ চৰকাৰে কৰিব।’

গৃহমন্ত্ৰী শ্বাহে লগতে বিটিআৰৰ নিৰ্বাচনৰ প্ৰসংগৰ অৱতাৰণা কৰি কয়- ‘সেয়া আছিল ছেমি ফাইনেল, তাত বিজেপি জয়ী হৈছে। এতিয়া ফাইনেলতো ছেমি ফাইনেলৰ দৰে বিজয় সাব্যস্ত কৰিম।’

You might also like