নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুতৰ মাচুল বৃদ্ধি কৰাক লৈ তিনিচুকীয়াত আছুৰ বিক্ষোভ কায্যসূচী

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী:  ১ ফেব্ৰুৱাৰীৰ পৰা বিদ্যুত বিভাগে পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন মাৰি ঘাটি বাজেটৰ পূৰণ কৰিবলৈ ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজি গৰজি উঠে সদৌ অসম ছাত্ৰ সন্থা ৷ বিদ্যুত বিভাগৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি বিদ্যুত বিভাগৰ বিৰুদ্ধে সকীয়নি প্ৰদান কৰি অনতিপলমে পুনৰ ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্ত বাতিল কৰাৰ দাবীত তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই এক বিক্ষোভ কায্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া পৌৰসভা কায্যালয়ৰ সন্মুখৰ পৰা জি এন বি পথেৰে থানা চাৰিআলিলৈ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ শতাধিক প্ৰতিবাদকাৰীযে সমদল বাহিৰ কৰি বিদ্যুত বিভাগ হায় হায়, বিদ্যুতৰ মাচুল হ্ৰাস কৰক, বিজেপি হায় হায়, শক্তি মন্ত্ৰী হুছিয়াৰ, জনতাৰ মূৰত ৰামটাঙোন মৰা বন্ধ কৰক, আছু লং লীভ, জয় আই অসম আদি শ্ল’গানেৰে চহৰখনৰ আকাশবতাহ মুখৰিত কৰি তোলে ৷

   উক্ত প্ৰতিবাদৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কায্যনিৰ্বাহক নিখিল কোঁচ আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বালিমৰাই চৰকাৰ তথা বিদ্যুত বিভাগলৈ সকীয়নি প্ৰদান কৰি অনতিপলমে যদি বিদ্যুত বিভাগে এই ঘৰুৱা বিদ্যুতৰ মাচুল হ্ৰাস নকৰে তেন্ত অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ প্ৰতিবাদৰ শেষত থানা চাৰিআলিতে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিতু ডেকাই আঁত ধৰা এক সভাৰ জৰিয়তে কেন্দ্ৰীয় কায্যনিৰ্বাহক নিখিল কোঁচে প্ৰতিবাদৰ সামৰণি মাৰে আৰু প্ৰতিবাদকাৰীসকলক সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত যদি বিদ্যুতৰ মাচুল হ্ৰাস নকৰে তেন্তে সকলোকে পুনৰ ৰাজপথলৈ উলায় আহিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনায় ৷

প্ৰেৰক:- বিবেক বড়া

You might also like