নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইবিৰ ১,৬৭৫ পদত মকৰল; আবেদনৰ অন্তিম তাৰিখ ১৭ ফেব্রুৱাৰী

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা দপ্তৰৰ অধীনত পৰিচালিত ইণ্টেলিজেঞ্চ ব্যুৰ’, চমুকৈ আইবিত খালী হৈছেSecurity Assistant/Executive (SA/Exe), Multi-Tasking Staff/General (MTS/Gen)ৰ ১,৬৭৫ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি আইবি কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Security Assistant/Executive আৰু Multi-Tasking Staff/Generalৰ পদসমূহSubsidiary Intelligence Bureau/SIB Dibrugarh-SA/Exe. (6), Dibrugarh-MTS/Gen. (2) আৰুGuwahati-SA/Exe. (42), Guwahati-MTS/Gen. (3)ৰ লগতেAgartala (13), Ahmedabad (41), Aizawl (13), Amritsar (64), Bengaluru (110), Bhopal (38), Bhubaneswar (13), Chandigarh (36), Chennai (113), Dehradun (13), Delhi/IB Hqrs. (319), Gangtok (13), Hyderabad (48), Imphal (18), Itanagar (32), Jaipur (30), Jammu (2), Kalimpong (1), Kohima (12), Kolkata (90), Leh (16), Lucknow (50), Meerut (21), Mumbai (182), Nagpur (2), Patna (47), Raipur (22), Ranchi (15), Shillong (22), Shimla (10), Siliguri (11), Srinagar (25), Trivandrum (132), Varanasi (41), Vijayawada (7)ত পূৰণ কৰা হ’ব৷ মুঠ পদ ১,৬৭৫ৰ ভিতৰতSecurity Assistant/Executive (SA/Exe)ৰ ১,৫২৫ আৰুMulti-Tasking Staff/General (MTS/Gen)ৰ ১৫০ পদ৷

আবেদনকাৰী স্বীকৃতিপ্রাপ্তBoard of Educationৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতেAdi, Galo, Memba, Mishmi, Khampti, Chakma, Tustsa, Tangsa, Singpho, Lisu (Yobin), Wancho আৰু Assamese, Bodo, Nepali, Bengali, Sylheti, Mishing, Dimasa, Rabha, Tiwa, Kuki, Hmar, Paite, Nepali, Garo, Karbi, Santhali, Koch-Rajbanshi, Manipuri (Meitei), Pnar, Khasi ভাষাৰ জ্ঞান থকা হ’ব লাগিব৷ বয়স ১৭ ফেব্রুৱাৰী, ২০২৩লৈ ১৮–২৫ বছৰ৷ Security Assistant/Executive (SA/Exe) পদৰ প্রার্থীয়ে মাহে ২১,৭০০–৬৯,১০০ টকা লাভ কৰিব৷ আনহাতে,Multi-Tasking Staff/General (MTS/Gen) পদৰ প্রার্থীয়ে মাহে ১৮,০০০–৫৬,৯০০ টকা লাভ কৰিব৷ আবেদন মাচুল হিচাপে ৫০০ টকা আইবিৰ হকে পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপনবিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈIntelligence Bureauৰ ৱেবছাইট www.mha.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৭ ফেব্রুৱাৰী, ২০২৩৷

You might also like