নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত অংগণৱাড়ী কেন্দ্র পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী  পীয়ূষ হাজৰিকাই আজি তিনিচুকীয়াৰ হাপজান শিক্ষা খণ্ডৰ অন্তৰ্গত কাপ্তানচুক প্ৰাথমিক বিদ্যালয়ৰ লগতে অৱস্থিত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰত উপস্থিত হৈ  ব্যৱস্থাপনাৰ বুজ লোৱাৰ লগতে কণ কণ শিশুসকলৰ সৈতে মতবিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ফল-মূল  বিতৰণ কৰে। ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে  চাবুৱা সমষ্টিৰ অন্তৰ্গত দুই নং গেলাপুখুৰী আদৰ্শ অংগনৱাড়ী কেন্দ্ৰও পৰিদৰ্শন কৰি উপস্থিত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মতবিনিময় কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে, শিশুৰ শাৰীৰিক , মানসিক আৰু বৌদ্ধিক বিকাশ নিৰ্ভৰ কৰে শিশু কালত পোৱা শিক্ষা, পুষ্টি আৰু পৰিবেশৰ ওপৰত। আজি চাবুৱা সমষ্টিৰ অন্তৰ্গত দুই নং গেলাপুখুৰী আদৰ্শ অংগনৱাড়ী কেন্দ্ৰত উপস্থিত হৈ এক অনন্য পৰিবেশ লক্ষ্য কৰোঁ। পৰিবেশ সংৰক্ষণ আৰু স্বচ্ছতাৰ বাবে দুবাৰকৈ অংগনৱাড়ী কৰ্মীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা হীৰালক্ষ্মী বৰুৱাৰ নেতৃত্বত কল, আনাৰস, বগৰী আদিৰ খেতি কৰি শিশু সকলক খাবলৈ দিয়াৰ লগতে এই ফল মূল আৰু ঝাৰু বন বিক্ৰী কৰি কেন্দ্ৰটোৰ আৰু অধিক উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে। এই পদক্ষেপ অত্যন্ত প্রশংসনীয় আৰু অনুকৰণীয়।
আনহাতে, চাবুৱা সমষ্টিৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত  নিৰ্মীয়মান অমৃত সৰোবৰ প্ৰকল্প  আজি জলসম্পদ মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় আৰু সকলো কাম নিয়াৰিকৈ সময়মতেই কামসমূহ সমাপন কৰিবলৈ বিভাগীয় লোকসকলক আহ্বান জনায় ।
     আজি পৰিদৰ্শন কালত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ স’তে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, যুৱ আয়োগৰ সদস্য ৰাতুল‌ শৰ্মাকে আদিকৰি বিভাগীয় বিষয়া সকল উপস্থিত আছিল।
প্ৰেৰক:-বিবেক বড়া
You might also like