নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায়িক আদালতত হাজিৰ বজালী কাণ্ডত অভিযুক্ত আৰক্ষী

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ এগৰাকী চুপাৰী ব্যৱসায়ীক বৃহৎ পৰিমাণৰ ধন দাবীৰে অসম আৰক্ষীৰ নাক-কাণ কটাযোৱা বজালী আৰক্ষীৰ ধনদাবী কাণ্ডত অভিযুক্তসকলক আজি বজালী ন্যায়িক আদালতত হাজিৰ কৰোৱা হয়৷ আজি গুৱাহাটীৰ পৰা এখন বাছত পাঠশালালৈ পোনে পোনে লৈ আহি বজালী সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হয় বজালীৰ চুপাৰী ব্যৱসায়ী ৰবিউল ইছলামক ধন দাবী কৰা কাণ্ডৰ লগত জড়িত আৰক্ষী বিষয়াসকলৰ লগতে ঘটনাত জড়িত আন কনিষ্ঠ আৰক্ষী আৰু এজন দালালক৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ অভিযানত গ্ৰেপ্তাৰ হোৱা সেইসময়ৰ বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাই, অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্কল গগৈ, উপ পৰিদৰ্শক দেৱজিত গিৰি আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোনোৱালক হাজিৰ কৰা হয় বজালী সত্ৰ ন্যায়াধীশ আদালতত৷ বজালী সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাৰ পিছতে 14/2023 কেছত অভিযুক্ত আটাইকেইজনক আদালতৰ পৰা পোনে পোনে বৰপেটা জিলা কাৰাগাৰলৈ লৈ যোৱা হয়৷ জানিব পৰা অনুসৰি IPC 120B, 341,342, 448, 294, 323, 307, 379, 387, 427, 506 ধাৰাৰ লগতে 98A, 99, 3456 ধাৰাত পৰৱৰ্তী সময়ত তেওঁলোকৰ বিচাৰ হব৷ তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ পিছতে অধিবক্তাৰ পৰা জানিবলৈ পোৱা অনুসৰি আচামীসকল বৰ্তমান শাৰীৰিক আৰু মানসিকভাবে যথেষ্ট অসুস্থ হৈ আছে, যাৰ বাবে তেওঁলোকক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰিবলৈ আদালতক আহ্বান জনোৱা হৈছিল৷ কিন্তু আদালতে আটাইকেইজনকে পৰৱৰ্তী শুনানিলৈকে বৰপেটা জিলা কাৰাগাৰতে ৰখাৰ নিৰ্দেশ দিয়ে৷ ইয়াৰ ভিতৰত অতিৰিক্ত আৰক্ষী অধীক্ষক পুস্কল গগৈ, দালাল কিশোৰ চন্দ্ৰ বৰুৱা আৰু এজন কনিষ্টবলৰ ইতিমধ্যে জামিন মঞ্জুৰ হৈছে বুলিও অধিবক্তাৰ পৰা জানিব পৰা গৈছে৷ উল্লেখ্য যে এগৰাকী চুপাৰী ব্যৱসায়ীক বৃহৎ পৰিমানৰ ধন দাবী কৰাৰ লগতে শাৰিৰীকভাৱে অত্যাচাৰ কৰি আৰক্ষীৰ খাকী পোচাকত কলা দাগ লগাই অসম আৰক্ষীৰ ইতিহাসতে এক ক’লা অধ্যায় হিচাপে চিহ্নিত হোৱা ৰাজ্য জোকাৰি যোৱা বজালী আৰক্ষী কাণ্ডৰ সমগ্ৰ ঘটনাত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ হাতত গ্ৰেপ্তাৰ হৈছিল বজালীৰ তদানীন্তন আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই, অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) পুষ্কল গগৈ, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ গিৰি, অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল, তেওঁৰ স্বামী ববী সিঙৰ ওৰফে সুভাষ চান্দেৰ, তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী ইনজামামুল হুছেইন, আৰক্ষী অধীক্ষকৰ গাড়ী চালক দীপজয় ৰয়, অংশকালীন গাড়ীচালক নবিড় আহমেদ, মধ্যভোগী কিশোৰ বৰুৱা আৰু শ্বহিদুল ইছলামক৷ “জনহিত জনসেৱাৰ্থে” বাণীৰে অসমৰ ৰাইজক সুৰক্ষা দিয়াৰ শপত গ্ৰহণ কৰা অসম আৰক্ষীয়ে বজালীত যেন উদক ভেটা ৰখীয়া পাতিছিল৷ অসম আৰক্ষীক লজ্জানত কৰা এই ঘটনা পোহৰলৈ আহিছিল যোৱা ৩১ আগষ্টত৷ তাৰ পিছত চি আই ডিয়ে ধাৰাবাহিক অভিযান চলাই প্ৰায় ডেৰ মাহৰ ভিতৰত আটক কৰিছিল ইজনৰ পিছত সিজনকৈ আৰক্ষীৰ বিষয়া, কৰ্মচাৰী তথা দালাল৷ এই ঘটনাত অপৰাধ অনুসন্ধান শাখাই জোৰদাৰ অভিযান চলাই বহু আপত্তিজনক নথিপত্ৰ, লেপটপ আদিৰ লগতে বৃহৎ সংখ্যক নগদ ধনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷

প্ৰেৰক কল্যাণ কলিতা

You might also like