নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰক বিটিআৰবাসীয়ে হেৰুৱাব নোখোজে : প্ৰমোদ বড়ো

✅তামুলপুৰত ইউপিপিএলৰ যোগদান সমাৰোহ, ২৫০০ লোকৰ যোগদান

✅বিপিএফৰ শাসনত বিটিআৰবাসী ভয়-শংকাত থাকিব লগা হৈছিল : প্ৰমোদ বড়ো

✅২০২৬ চনৰ পৰাই তামুলপুৰ মেডিকেল কলেজৰ পাঠদান আৰম্ভ হব : ইউ জি ব্ৰহ্ম

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ : বিজেপি ইউপিপিএল দলৰ মিত্ৰজোটৰ চৰকাৰখনক এতিয়া আৰু বিটিআৰৰ ৰাইজে হেৰুৱাব নোখোজে। তাৰ বাবে ৰাইজে ইউপিপিএল দলত দলে বলে যোগদান কৰিছে। এইখন চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস গভীৰভাৱে খোদিত হৈ আছে।- এই ভাষ্য বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ। তামুলপুৰ জিলা ইউপিপিএল দলৰ উদ্যোগত আৰু গয়বাৰী ব্লক ইউপিপিএলৰ সহযোগত আজি তামুলপুৰ জিলা সদৰৰ ঘগ্ৰাচকত অনুষ্ঠিত এখন বিশাল যোগদান সভাত অংশগ্ৰহণ কৰি বড়োৱে এই মন্তব্য কৰে। ভাষণত তেওঁ পুনৰ কয় বৰ্তমানৰ মিত্ৰ জোটৰ চৰকাৰখনৰ মূল উদ্দেশ্য আছিল বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা। সেই মৰ্মে মিত্ৰজোটৰ চৰকাৰ গঠন হোৱাৰ পিছতেই বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠা হৈছে। কিন্তু হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ নেতৃত্বত যোৱা সোঁতৰটা বছৰে বিটিআৰৰ ৰাইজ ভয় শংকাত থাকিব লগা হৈছিল। হাগ্ৰামা মহিলাৰীৰ চৰকাৰৰ দিনত বড়ো অনাবড়োৰ সৃষ্টি হৈছিল। কিন্তু আমি চৰকাৰ গঠন কৰাৰ পিছতেই বিটিআৰত বড়ো অনাবড়োৰ সৃষ্টি বন্ধ কৰিব পাৰিছোঁ। যাৰ বাবে আজিৰ সভাখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছে। তেওঁ আকৌ কয় বিপিএফ চৰকাৰৰ সময়ত ঘোচ লৈ চাকৰি দিয়া হৈছিল। কিন্তু আমি এটকাও নোলোৱাকৈ নিবনুৱা যুৱক যুৱতীক চাকৰি দিব পাৰিছো। আমাৰ চৰকাৰ গঠন হোৱাৰ পিছতেই লাখ লাখ চৰকাৰী আবাস গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। এয়াই আমাৰ পৰিৱৰ্তন। তেওঁ পুনৰ কয়, বিটিআৰৰ গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰাৰ বাবে ৪০টা পৰিষদীয় সমষ্টিত ৪০খন মহিলা বজাৰ বনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমাৰ চৰকাৰখনে চিকিৎসক অভিযন্তা বনোৱাৰ বাবে ব্যৱস্থা কৰিছো। শীঘ্ৰে টেট উত্তীৰ্ণসকলক নিযুক্তি দিয়াৰ চিন্তা চর্চা কৰিছোঁ। ভূমিৰ নথিপত্ৰ ডিজিটাইজড কৰিলোঁ। আগন্তুক দুটা বছৰত বিটিআৰৰ ৮৫ শতাংশ লোকৰে ভূমিৰ সমস্যা নোহোৱা হব। বিটিআৰপ্ৰধানগৰাকীয়ে আকৌ কয়, ধন ঘটিবলৈ ইউপিপিএল চৰকাৰৰ ই এম, জি এম হোৱা নাই। ৰাইজৰ কাম কৰিবলৈ, ৰাইজক সেৱা কৰিবলৈহে ই এম, জি এম হৈছে। হাগ্ৰামা মহিলাৰীয়ে খানা খোৱাৰ বাহিৰে বিটিআৰৰ উন্নয়নৰ বাবে একো চিন্তাই নকৰিলে। মদ ভাং খোৱা লোকৰ সৈতে ৰাজনীতি কৰিলে সমাজ ধ্বংস হয় বুলি মন্তব্য কৰি ইউপিপিএল দলে সমাজৰ কোনো বেয়া কাম নকৰাৰ সংকল্প লোৱা বুলি তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইপিনে সংবাদ মাধ্যমৰ আগত বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে কয়, আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী থাকিব। এইক্ষেত্ৰত বিজেপি ইউপিপিএল আৰু অগপৰ মাজত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আলাপ-আলোচনা কৰি প্ৰাৰ্থী চূড়ান্ত কৰা হব। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে কয়, হাগ্ৰামা মহিলাৰীয়ে বলিয়ালি কৰাতকৈ যোৱা সোতৰ বছৰে কৰা ভুলৰ অনুশোচনা কৰি ৰাইজৰ ওচৰত ক্ষমা খুজিলেই তেওঁৰ বাবে ভাল আছিল। সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ পুনৰ কয়, ছানি দেউলৰ চিনেমাৰ দৰে তাৰিখ পে তাৰিখ দি ৩ বছৰ হ’ল কিন্তু হাগ্ৰামা মহিলাৰীয়ে আমাৰ চৰকাৰ ভাঙিব নোৱাৰিলে। তামুলপুৰ জিলা ইউপিপিএলৰ সভাপতি তথা তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত উপস্থিত থাকি মন্ত্ৰী ইউ জি ব্ৰহ্মই কয়, ২০২৫ চনত বিটিআৰত পুনৰ ইউপিপিএলৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হব। ইউপিপিএলক কোনেও ৰোধ কৰিব নোৱাৰে। এয়া এশ শতাংশই নিশ্চিত। হাগ্ৰামা মহিলাৰীৰ ডুবন্ত নাৱত কোনোবাই যোগদান কৰিলে জীৱন ধ্বংস হোৱাৰ বাহিৰে একো নহয়। বিপিএফ দলে জীৱনত আৰু কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে। তেওঁ আকৌ কয় ইউপিপিএল দল যদি দহ বছৰ বিটিআৰৰ শাসনত থাকিব পাৰে তেন্তে বিটিআৰত কোনো অশান্তিয়েই হব নোৱাৰে। বড়ো-অবড়োৰ মাজত সমন্বয় সৃষ্টি কৰি চলোৱা একমাত্ৰ চৰকাৰখনেই হৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লাখ লাখ মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে। ২০২৫ চনত তামুলপুৰ মেডিকেল কলেজৰ কাম সম্পূৰ্ণ কৰি ২০২৬ চনৰ পৰাই পাঠদান আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হব। তামুলপুৰ এখন বাণিজ্যিক জিলা হবলৈ গৈ থকা বুলি মন্তব্য কৰি তেওঁ কয় বিটিআৰৰ ভিতৰতেই তামুলপুৰ জিলা এখন উন্নত জিলা হব। সভাত উপস্থিত থাকি বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৱেও ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। সভাত বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, কাৰ্যবাহী সদস্য দাওবৈছা বড়ো, দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, এমচিএলএ পবিত্ৰ কুমাৰ বড়ো, মহিলা কোষৰ সভানেত্ৰী হেলিনা স্বৰ্গীয়াৰী, তামুলপুৰ জিলা ইউপিপিএলৰ সভাপতি জলেন দৈমাৰী, সম্পাদক গণেশ নাথ আদিকে ধৰি কেইবাসহস্ৰ পুৰুষ-মহিলা উপস্থিত থাকে। এই সভাতেই প্ৰাক্তন এনএলএফবি, প্ৰাক্তন এনডিএফবি (আৰ), বিপিএফ আৰু জিএছপিৰ পৰা অহা প্ৰায় ২৫০০ লোকে ইউপিপিএলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

প্ৰেৰক ৰজনী বৰ্মন

You might also like