নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিউচন কৰা ছাত্রীক পলুৱাই নি ৰঙাঘৰৰ আলহী হ’ল শিক্ষক, পিচে ক’ত?

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ টেঙাখাত আৰক্ষী থানাৰ অন্তর্গত নকাৰি গাঁও নিৱাসী বৈকুণ্ঠ বৰুৱা নামৰ এজন ঘৰুৱা শিক্ষকে এগৰাকী পঢুওৱা ছাত্রীক বিবাহপাশত আবদ্ধ কৰি পলুৱাই নিয়া ঘটনাই অঞ্চলটোত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, টেঙাখাতৰ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰা বৈকুণ্ঠ বৰুৱাই উক্ত বিদ্যালয়ৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা প্রাক্তন ছাত্রীগৰাকীক যোৱা দুদিনৰ আগতে বিবাহপাশত আবদ্ধ কৰি পলুৱাই নিয়ে৷ লম্পট বৈকুণ্ঠ বৰুৱা দুটা সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে৷

শিক্ষকৰ নামত কলংক সনা বৈকুণ্ঠ বৰুৱাই ছাত্রীগৰাকীৰ ঘৰতে টিউচন কৰিছিল৷ ছাত্রীগৰকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিতে কালি টেঙাখাত থানাৰ আৰক্ষীয়ে অনুসন্ধান চলাই ফুকনবাৰীত দুয়োটাকে আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে সোধা–পোছা কৰাৰ পাছত লম্পট বৈকুণ্ঠ বৰুৱাক গ্রেপ্তাৰ কৰি টেঙাখাত থানাত এক গোচৰ ৰুজু কৰি ডিব্রুগড়ৰ জিলা কাৰাগাৰলৈ প্রেৰণ কৰে আৰু ছাত্রীগৰাকীক ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত আদালতত হাজিৰ কৰা হ’ব৷

লম্পট শিক্ষকজনক উপযুক্ত শাস্তি প্রদান কৰিবলৈ আছুৰ জিলা সমিতিৰ উপ–সভাপতি ধনজিৎ সন্দিকৈয়ে দাবী জনাইছে৷ উচ্চ শিক্ষাৰ পাতনি মেলিবলৈ আৰম্ভ কৰাৰ সময়তে ছাত্রীগৰাকীৰ উজ্জ্বল জীৱন ধ্বংস কৰা প্রতাৰক লম্পট শিক্ষকজনে সংঘটিত কৰা ঘটনাৰ প্রতিক্রিয়া প্রকাশ কৰাৰ লগতে উপযুক্ত শাস্তি প্রদান কৰিবলৈ প্রশাসনৰ ওচৰত দাবী জনাইছে টেঙাখাতৰ বিভিন্ন সংগঠনে৷

You might also like