নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসুস্থ শিল্পী মহলদাক মন্ত্ৰী বিমল বৰাৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্ত-যুটীয়া স্বাস্থ্য সঞ্চালকৰ সাক্ষাৎ

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰঃ শিল্পী বিজন হাজৰিকা ওৰফে মহলদা অসুস্থৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যকে জোকাৰি যোৱাৰ পাছত ৰাজ্যৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰাৰ নিৰ্দ্দেশত আজি জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত সংঘমিত্ৰা বৰুৱা আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাজীৱ কুমাৰ বৰুৱাই ডিব্ৰুগড়ৰ খলিহামাৰী বাসগৃহত উপস্থিত হয়।জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰাজীৱ কুমাৰ বৰুৱাই,বিজন হাজৰিকাৰ স্বাস্থ্যৰ সন্দৰ্ভত জানিবলৈ দি কয় যে শৰীৰত পৰ্যাপ্ত পৰিমানত প্ৰটিন নোপোৱাৰ বাবে কিছু দুৰ্বল হৈ পৰিছে। লগতে ঠাণ্ডাৰ বাবে ডিঙিত কফ জমা হৈছে;সেয়ে উশাহত কিছু কষ্ট পোৱা যেন অনুভৱ হয় বুলি যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ বৰুৱাই সাংবাদিকৰ আগত সদৰী কৰে।আনহাতে জিলাৰ অতিৰিক্ত উপায়ুক্ত সংঘমিত্ৰা বৰুৱাই কয় যে মন্ত্ৰী বিমল বৰাৰ নিৰ্দেশৰ্মমে বিজন হাজৰিকাৰ ঘৰত আজি উপস্থিত হৈ সামগ্ৰিক স্বাস্থ্যৰ বুজ লোৱা হয় আৰু ভবিষ্যতে কিবা সহায়-সহযোগ প্ৰয়োজন হলে প্ৰশাসনক জনাবলৈ তেওঁৰ জীয়ৰীক কোৱা বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে।উল্লেখ্য যে বিগত ৮০-৯০ দশকৰ বিশিষ্ট সুৰকাৰ, গীতিকাৰ, যন্ত্ৰশিল্পী তথা সংগীত ব্যৱস্থাপক বিজন হাজৰিকা ওৰফে মহল দা দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাত তেওৰ অনুৰাগী সকল চিন্তাক্লিষ্ট হৈ পৰে।ডিব্ৰুগড়ৰ এই গৰাকী প্ৰবীণ শিল্পী শয্যাশায়ী হোৱাত অনুগামী,শুভাকাংক্ষী সকল আগবাঢ়ি আহে।আশী আৰু নব্বৈ দশকত অসমৰ সংগীত জগতত দপদপাই থকা ডিব্ৰুগড়ৰ মহল দা আজি অকলশৰে ৰোগীয়া দেহাৰে শয্যাগত।’গধূলি পৰত পদুলি মুৰত, তুমি থাকা’…… ‘ৰাতি পুৱাবৰে হল’…… ‘কি নাম ৰাখিবা তুমি’……আদি গীত, সুৰ তথা বাদ্যযন্ত্ৰ ড্ৰামৰ মায়াজালেৰে এসময়ত হাজাৰ-হাজাৰ দৰ্শকক মোহাচ্ছন্ন কৰি ৰখা মহল দা, যেন আজি অকলশৰীয়া। অকলশৰে এতিয়া তেওঁ সোৱঁৰিছে তেওঁৰ চিৰসেউজ গীত আৰু সোণালী দিন সমূহৰ কথা।যি সমূহ গীতত বহু শিল্পীয়ে কন্ঠ নিগৰাই নিজকে সংগীত জগতত প্ৰতিষ্ঠা কৰিছিল,জনপ্ৰিয় হৈছিল।উল্লেখ কৰা ভাল যে এই মহলদাৰেই সৃষ্টি আছিল জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোনোৱাল। গীতিকাৰ মহলদাৰেই সৃষ্ট গীতত কণ্ঠ নিগৰাইয়ে সংগীত জগতত জনপ্ৰিয়তাৰ দিশে আগুৱাই গৈছিল জিতুল সোনোৱাল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত আজিও বাণীবদ্ধ হৈ আছে মহল দাৰ বহু কেইটা জনপ্ৰিয় তথা চিৰসেউজ গীত।মহলদাৰ ঘৰতে থকা সৰু ষ্টুডিঅ’তেই কিছু দিনৰ আগলৈকে তেওঁ সৃষ্টি কৰিছিল সংগীতৰ মধুময় মূৰ্ছনা।কিন্তু কিছুদিনৰ আগতে তেওঁৰ এক অস্ত্ৰোপচাৰ হৈ যোৱাৰ পাছত এতিয়া শয্যাশায়ী।তেওঁৰ সু চিকিৎসাৰ বাবে প্ৰয়োজন বহু অৰ্থৰ। ডিব্ৰুগড়ৰ শিল্পী সমাজে মহল দাৰ গৃহলৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেঁওক গামোচা,শৰাই আৰু এক সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনাও জনায়।পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰিয়ালৰ লগতে অনুৰাগী সকলে আশাৰে বাট চাই ৰৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like