নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ দখলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভা

বিশেষ বাৰ্তা,  ১৪ নৱেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ নিবাৰ্চনৰ ফলাফল আজি ঘোষণাৰ পাছতেই এক অভূতপূৰ্ব পৰিবেশৰ সৃষ্টি হয়। নিজ নিজ সমৰ্থিত বিজয়ী প্ৰাৰ্থী সকলক লৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নিশাই উলিয়ায় বিশাল সমদল। আজি ঘোষিত ফলাফল অনুসৰি স্নাতকোত্তৰ ছাত্র একতা সভাৰ সভাপতি পদত পাৰ্থসাৰথি গগৈ, উপ-সভাপতি পদত প্ৰত্যুষ ৰাজকোঁৱৰ আৰু গুৰুত্বপূৰ্ণ সাধাৰণ সম্পাদকৰ পদত উজ্জ্বল অংকুৰ বড়া আৰু সহকাৰী সাধাৰণ সম্পাদকৰ পদত অংগনা বৰুৱা নিৰ্বাচিত হয়।উল্লেখযোগ্য যে সভাপতি, উপ-সভাপতি সহ ৯জন আছুৰ সৰ্মথিত বুলি জানিব পৰা গৈছে।আনহাতে সাধাৰণ সম্পাদক আৰু সহকাৰী সম্পাদক নিৰ্দলীয় আছিল বুলি জানিব পৰা গৈছে।নিৰ্বাচনী ফলাফলৰ পাছতেই বিশ্ববিদ্যালয়ত ছাত্র ছাত্রী সকল উল্লাহিত হৈ পৰা পৰিলক্ষিত হয়। আনহাতে আলোচনী সম্পাদক পদত নিবেদিতা বৰা,সংগীত সম্পাদক দিব্যজ্যোতি মিলি, সাংস্কৃতিক সম্পাদক জাহ্নৱী গগৈ, তৰ্ক আৰু আলোচনী সম্পাদক কল্যাণ দত্ত, কলা আৰু সাহিত্য সম্পাদক অংকিতা দত্ত,সাধাৰণ ক্ৰীড়া সম্পাদক কনিকা গগৈ (বিনা প্ৰতিদ্বন্দ্বিতা), ক্ৰিকেট সম্পাদক চিন্ময় দত্ত (বিনা প্ৰতিদ্বন্দ্বিতা), ইনডৰ গেমছ সম্পাদক কাব্যশ্ৰী শইকীয়া, ফুটবল সম্পাদক কিশোৰ ৰঞ্জন গগৈ (বিনা প্ৰতিদ্বন্দ্বিতা),ভলীবল সম্পাদক শুভদ্বীপ বৰা, ছাত্ৰ জিৰণি চৰা মৃদুল ভূঞা,ছাত্ৰী জিৰণি চৰা নেহা খান,সমাজ সেৱা সম্পাদক মহিমা তামাং, জিমনেছিয়াম সম্পাদক অনঞ্জয় মুছাহাৰী বিজয়ী হৈছে । মুঠ ১৮ টা পদত ভিতৰত আছু সমৰ্থিত মুঠ ৯গৰাকী বিজয়ী হোৱা প্ৰাৰ্থীসকলক ডিব্ৰুগড়ৰ শ্বহীদ ন্যাস ভৱনত সম্বৰ্ধনা জনোৱা হয়।

প্ৰেৰক বিভাস দুৱৰা

You might also like