নগৰবেৰাত বাংলা ইটাভাতাত প্ৰশাসনৰ বুলড’জাৰ
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ নগৰবেৰাত অবৈধ বাংলা ইটাৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান। তৃতীয়বাৰৰ বাবে প্ৰশাসনে চলায় এই অভিযান। জামলাই পথাৰ, হেক্ৰা, মন্দিৰা, যোগীপাৰা আদিত প্ৰশাসনে এই উচ্ছেদ অভিযান চলায়। ৰাজহ চক্ৰ বিষয়া উৎপল ডেকাৰ তৎপৰতাত এই অভিযান চলে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস