নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগমণিৰ বেলগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত ৩

নিয়মীয়া বাৰ্তা, ১৮ মে’: গোলকগঞ্জৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলী। থিতাতে নিহত তিন বাইক আৰোহী । বক্সিৰ হাট মুখী তীব্ৰগতিত থকা AS 28 AC 1007 নম্বৰৰ আলট্ৰা ট্ৰাক আৰু As 17 D 7445 নম্বৰৰ বাইকৰ মুখমুখি সংঘৰ্ষ । নিহত যুৱক তিনিজন ক্ৰমে,পকালাগি তৃতীয় খণ্ড গাওঁৰ জহিৰুল ইছলাম ,কৈমাৰী প্ৰথম খণ্ড গাঁৱৰ নাসিৰ উদ্দীন আৰু বিদ্যাডাৱৰী দ্বিতীয় খণ্ড গাওঁৰ নাচিৰ হুছেইন বুলি জানিব পৰা গৈছে ।

তিনি আৰোহি থকা বাইক খনে হালাকুৰাৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা খুন্দা মাৰে তীব্ৰবেগী As 28 A C 1007নম্বৰৰ ট্ৰাকখনে ।দুৰ্ঘটনা সংঘঠিত কৰি পলায়ন ট্ৰাক চালক যদিও আগমনী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ট্ৰাক খন আন এখন ট্ৰাকক অভাৰটেক কৰোঁতে দুৰ্ঘটনাটো ঘটে।

You might also like